• ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা লাভ কৰিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ...

    আঞ্চলিক
    ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা লাভ কৰিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ...

    চিৰাং : ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীয়ে চলোৱা অভিযানত পুনৰ নিচাজাতীয় দ্ৰব্যৰ লগতে আপত্তিজনক কিছু সা-সামগ্ৰীসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বিগত কেইবাদিন ধৰি জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷





    আৰু পঢ়িব পাৰিব : হাজোত মীন মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ





    চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া মতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি অভিযান চলাইছিল৷ এই অভিযান জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা বিজনী আৰক্ষীৰ সহযোগত বিজনী থানাৰ অন্তৰ্গত দুতুৰী গাঁৱত ৮ টা ড্ৰাগছভৰ্তি প্লাষ্টিক কণ্টেইনাৰ আৰু ৩ টা খালী কণ্টেইনাৰসহ মফিজুল হুচেইনৰ পুত্ৰ দিলবৰ হুছেইনক আটক কৰিছে।





    আনহাতে, আন এক অভিযানত একেখন গাঁৱৰে খলিলুৰ ৰহমানৰ পুত্ৰ কেৰামত আলী (৩৫) নামৰ লোকজনকো ৫৬ টা খালী কণ্টেইনাৰ , ১২ টা ছিৰিঞ্জ আৰু ২৯ টা লাইটাৰসহ আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।





    আৰু পঢ়িব পাৰিব : ২০হাজাৰ টকীয়া বিৰিয়ানিয়ে চকু কপালত উঠাইছে গ্ৰাহকৰ





    উল্লেখ্য যে , ইয়াৰ পূৰ্বেও চিৰাং আৰক্ষীৰ অভিযানত জিলাখনৰ ঢালিগাঁও , চাপাগুৰী , বৈখুনগাঁও , ছাতিপুৰ , বিজনী , কাৱাটিকা আদি স্থানৰ পৰা ড্ৰাগছসহ কেবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে ।