National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
নাহৰকটীয়াঃ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰশাসনে অভিযান অব্যাহত ৰখাৰ সময়তে নাহৰকটীয়াত সৰবৰাহকাৰীৰ ৰূপত দেখা গৈছে বিদ্যালয়ৰ ছাত্ৰ। এক গোপন সূত্ৰৰ ভিত্তিত নাহৰকটীয়া আৰক্ষীয়ে নাহৰকটীয়া পেট্ৰ’ল ডিপুৰ সমীপত চলোৱা অভিযানত আটক হয় য়াচিম খান নামৰ এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত য়াচিম খানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫গ্ৰামকৈ নিষিদ্ধ হিৰ’ইন। আনহাতে, আৰক্ষীৰ আগমনৰ তথ্য লাভ কৰি উক্তস্থানৰ পৰা পলায়ন কৰে ঋষিকেশ ডগৰা নামৰ আন এটা সৰবৰাহকাৰী। লক্ষ্যণীয় যে, নাহৰকটীয়াৰ এখন বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ঋষিকেশৰ ঘৰৰ পৰাও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৭ গ্ৰামকৈ নিষিদ্ধ ব্ৰাউন ছুগাৰ।
প্ৰায় এক লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰা আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ এনডিপিএছ আইনৰ অধীনত ২১(এ)২৫/২৭ নম্বৰত গোচৰ ৰুজু কৰাৰ লগতে পলাতক ঋষিকেশ ডগৰাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
Leave A Comment