• তিনিচুকীয়াত দুটা বনৰৌসহ ২ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

    আঞ্চলিক

    তিনিচুকীয়া : তিনিচুকীয়াত আজি আপুৰুগীয়া ৭টা বনৰৌসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ তিনিচুকীয়া ৰে'লৱে ষ্টেচনৰ সমীপৰ ৰাজবংশী নামৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা লোক দুজনৰ ভিতৰত এগৰাকী যুৱতীও আছে৷ তেওঁলোকে বনৰৌকেইটা ৩২ লাখ টকাত বিক্ৰীৰ বাবে অৰুণাচলৰ পৰা আনিছিল বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ কৰিছে৷

    আৰু পঢ়িব পাৰিব : স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথম : ফাঁচিকাঠত ওলমিব হত্যাকাৰী শ্ববনম

    জানিব পৰা মতে, তিনিচুকীয়া আৰক্ষীয়ে চলোৱা এক অভিযানত আপুৰুগীয়া বনৰৌকেইটা জব্দ কৰা লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এটা বনৰৌ জীৱিত অৱস্থাত উদ্ধাৰ কৰা বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

    আৰু পঢ়িব পাৰিব : ভাৰ্ছুৱেল মাধ্যমেৰে ধুবুৰী-মেঘালয় দলঙৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ…

    গ্ৰেপ্তাৰ হোৱা অৰুণাচল প্ৰদেশৰ লংডিং নিংগনু গাঁৱৰ যুৱক চোমৱক ৱাংগচা আৰু যুৱতী ফাৱাই ৱাংগচাক তিনিচুকীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

    Weather Forecast

    ASSAM WEATHER