• তীব্ৰবেগী বলেৰ’ৰ খুন্দাত আহত যুৱকঃ চিকিৎসালয়লৈ প্ৰেৰণ

    আঞ্চলিক

    লখিমপুৰঃ বিহপুৰীয়াৰ বৰবালিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বলেৰ’ৰ খুন্দাত গুৰুতৰভাৱে আহত পথৰ দাঁতিত ৰৈ থকা এজন যুৱক| আহত যুৱকজনৰ নাম ঋতুৰাজ হাজৰিকা বুলি জানিব পৰা গৈছে|

    আৰু পঢ়িব পাৰিব মহানগৰীত ৰেপিড’ত ড্ৰাগছৰ বেহা! বিস্ফোৰক তথ্য ফাদিল

    AS 07 N 9513 নম্বৰৰ তিব্ৰবেগী বলেৰ’খনৰ চালক হিচাপে আছিল ঘন গগৈ নামৰ লোকজন| ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰিছিল বলেৰ’খনে| উত্তেজিত ৰাইজে খেদি খেদি ধৰিবলৈ সক্ষম হয় চালকসহ বলেৰ’খন| সম্প্ৰতি গুৰুতৰভাৱে আহত হোৱা যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে|

    Weather Forecast

    ASSAM WEATHER