• তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত উদ্ধাৰ মৃতদেহ : আজিকোপতি হোৱা নাই তদন্ত

    আঞ্চলিক
    তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত উদ্ধাৰ মৃতদেহ : আজিকোপতি হোৱা নাই তদন্ত

    আমিনগাঁও : আমিনগাঁৱৰ তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে চিকিৎসালয়খনৰ শৌচালয়ত ২৬ মাৰ্চত সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল এজন লোকৰ মৃতদেহ৷ লোকজন চাংসাৰিৰ জোন আলী বুলি জানিবলৈ পোৱা গৈছিল৷ কিন্তু দিন বাগৰি গ’ল যদিও এতিয়ালৈ তদন্তৰ আগনবঢ়োৱাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ৷





    আৰু পঢ়িব পাৰিব :ৰে’লত এতিয়াৰ পৰা নোৱাৰিব ম’বাইল, লেপটপ চাৰ্জ কৰিব!





    চিকিৎসালয়খনৰ চি চি কেমেৰাৰ ফুটেজৰ আধাৰত ঘটনাৰ তদন্ত আগনবঢ়োৱাৰ প্ৰতিবাদত আজি ৰাইজে ঘেৰাও কৰে চিকিৎসালয়৷ নিহতৰ আত্মীয়ৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছে জোন আলীক। তাৰ উপৰি চিকিৎসালয়ত ড্ৰাগছৰ দৰে বেহা চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷





    আৰু পঢ়িব পাৰিব :ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাঃ নিহত ২





    ইপিনে জোন আলীৰ মৃত্যুৰ তদন্ত লাগে পৰিয়ালক৷ ঘটনাস্থলীত চাংসাৰি আৰু উত্তৰ-গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।