Sports
Digital Desk : India's young chess player D. Gukesh won an impressive amount of Rs. 11.45 crore as prize money from the FIDE World Champonship. Now, in a surprising development the ministry of Finance has
হাইলাকান্দি : ৰাজ্যজুৰি দালালৰ বিৰুদ্ধে চলোৱা অভিযানৰ মাজতে হাইলাকান্দিত দেখিবলৈ পোৱা গ'ল বিৰল দৃশ্য। মাটিৰ দালালক আৰক্ষীৰ জিম্মাৰ পৰা মুক্ত কৰি বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ আলগাপুৰৰ বিধায়ক নিজাম উদ্দিনৰ হেঁচাত আৰক্ষীয়ে মুক্ত কৰিলে আটক কৰা দুই দালালক।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো তীব্ৰতৰ হৈছে দালাল বিৰোধী অভিযান। হাইলাকান্দি আৰক্ষীয়ে নিশা জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত ১২ জনকৈ লোকক আটক কৰিছিল। ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল ৪ জন ব্যক্তিক ।
আটকাধীন দালালৰ ভিতৰত আছিলে ছৰফ উদ্দিন বড়ভূঞা নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিও । নিশা এই সকলোক থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি ৰাতিপুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। মাটিৰ দালালৰ পৰিবৰ্তে নিৰ্দোষ ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে ঘেৰাও কৰে আলগাপুৰ আৰক্ষী চকি।
এওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও। তেওঁ থানাত আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন ব্যক্তিসকলক মুক্তি কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে । অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত ছৰফউদ্দিন বড়ভূঞা আৰু আনোয়াৰ উদ্দিন লস্কৰ নামৰ দুই ব্যক্তিক মুক্ত কৰি দিয়ে ।
ইপিনে, এওঁলোকক আৰক্ষীয়ে এৰি দিয়াৰ পিছতে দেখাগল আন এক আজব দৃশ্য । মুক্তিৰ পিছতে ডিঙিত মালা পিন্ধাই, পতাকা ফুটুয়াই এওঁ লোকক লৈ যোৱা হল বিধায়ক নিজাম উদ্দিনৰ বাসগৃহলৈ । তাতে স্বয়ং বিধায়কে আদৰণী জনালে এই দুই ব্যক্তিক। বিধায়কৰ হেঁচাত আৰক্ষীয়ে এনে দুই দালালক এৰি দিয়াৰ ঘটনাই হাইলাকান্দিত সৃষ্টি কৰিছে চাঞ্চল্যৰ ।
আনহাতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাইলাকান্দিত আটক হোৱা ১২ গৰাকী ব্যক্তিৰ ভিতৰত ৫ গৰাকীক এৰি দিয়া হৈছে বুলি মন্তব্য কৰে । বাকী ৭ গৰাকী ব্যক্তিক আজি আদালতত হাজিৰ কৰা হব বুলিও জনায় আৰক্ষী অধীক্ষকগৰাকীয়ে ।
Leave A Comment