• দীপৰ বিলৰ চকৰ্দো মিকিৰপাৰাত ভূ-মাফিয়াৰ দপদপনি

    আঞ্চলিক
    দীপৰ বিলৰ চকৰ্দো মিকিৰপাৰাত ভূ-মাফিয়াৰ দপদপনি

    মিৰ্জাঃ মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলৰ চকৰ্দো মিকিৰপাৰাত যি বাটেৰে হাতী অহা-যোৱা কৰে সেই পথ ৰঙা মাটিৰে পুতিছে ইংতি উপাধিৰ ভূ-মাফিয়াই। স্থানীয় লোকৰ অভিযোগ উঠাৰ পাছতো কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই।





    আৰু পঢ়িব পাৰিব : নলবাৰীত ২০২১বৰ্ষৰ ‘মোহন ভাইৰা বঁটা’ প্ৰদান অনুষ্ঠান





    জৈৱ-বৈচিত্ৰৰে তথা বিভিন্ন পৰিভ্ৰমী চৰাই-চিৰিকটিৰে ভৰপূৰ মনোৰোম দীপৰ বিল। এই বিলতো চকু পৰিছে এতিয়া ভূ-মাফিয়াৰ। এফালে দীপৰ বিলৰ অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰী অভিলাষী আঁচনি আনফালে ভূ-মাফিয়াৰ দীপৰ বিলৰ ধ্বংসযজ্ঞ। আজাৰা থানাৰ অন্তৰ্গত তথা আজাৰা ৰাজহচক্ৰ কাৰ্যালয়ৰ চকৰ্দো মিকিৰপাৰাৰত সংঘটিত হৈছে এই ঘটনা। ইফালৰপৰা চালানবিহীন ডামপাৰেৰে ৰঙা মাটি কঢ়িয়াই এলিফেণ্ট কৰিড'ৰ এতিয়া ৰঙা মাটিৰে পুতিছে ইংতি উপাধিৰ ভূ-মাফিয়াই।





    আৰু পঢ়িব পাৰিব : পথত গজাল পুতি, হাতত ধাতুৰ ৰড লৈ কৃষকক ভেটিবলৈ সাজু দিল্লী আৰক্ষী





    সকলো পক্ষক মেনেজ কৰি এনেদৰে অবৈধভাৱে পুতিব ওলোৱাৰ অভিযোগ উঠিছে। এই কাৰ্যৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমী আৰু অঞ্চলটোৰ একাংশ সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভাগীয় কৰ্তৃপক্ষক এই কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমীয়ে।