• দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ'ল তাৰক চৌধুৰী !

    আঞ্চলিক
    দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ'ল তাৰক চৌধুৰী !

    গুৱাহাটী : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ'ল তাৰক চৌধুৰী নামৰ এটা প্ৰবঞ্চক৷ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই আজি গ্ৰেপ্তাৰ কৰিলে প্ৰবঞ্চকটোক৷ জানিব পৰা মতে প্ৰায় ৮০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ আছিল প্ৰবঞ্চকটোৰ বিৰুদ্ধে৷





    আৰু পঢ়িব পাৰিব : ডাইনীৰ সন্দেহত গাঁও এৰিবলৈ বাধ্য কৰালে এটি পৰিয়ালকঃ আটক ৩





    একেটা সম্পত্তি বন্ধকত থৈ দুটাকৈ বেংকৰপৰা ঋণ লৈছিল। ইউকো বেংকৰ পৰা ২০১৩চনত লৈছিল ৭৩ লাখৰ ঋণ আৰু পঞ্জাব এণ্ড সিন্ধ বেংকৰ পৰাও ২০১৫চনত লৈছিল ৭.৫ লাখৰ ঋণ৷ দুয়োটা বেংকতে মাটিৰ জালি নথি-পত্ৰ জমা দিছিল তাৰক চৌধুৰীয়ে৷





    আৰু পঢ়িব পাৰিব : ৰহাত ড৹ হিমন্ত বিশ্ব শৰ্মাঃ অগপ প্ৰাৰ্থী বিষ্ণু দাসৰ হৈ চলাইছে প্ৰচাৰ





    ঘটনা সন্দৰ্ভত পঞ্জাব এণ্ড সিন্ধ বেংকে এজাহাৰ দিছিল BIEOত৷ ঋণ লৈ দীৰ্ঘদিন ধৰি পলাই আছিল যদিও আজি চৌধুৰীক গ্ৰেপ্তাৰ কৰে BIEO-এ৷