International
After leaving office, Carter decided to lead a simple life with Rosalynn back in their home in Plains, Georgia…
Digital Desk: Jimmy
গুৱাহাটী : দুৰ্দশাৰ অন্ত পৰিব ফেৰীযাত্ৰীসকলৰ৷ বৰলুইতৰ বুকুতে নিৰ্ভীগ্নে যাত্ৰা কৰিব পাৰিব যাত্ৰীসকলে৷ কাৰণ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত ৫খনকৈ নতুন ফেৰী সংযোজন ঘটোৱা হৈছে৷ নতুনকৈ সংযোজন ঘটোৱা ফেৰীকেইখন ইতিমধ্যে উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ ৩খন যাত্ৰীবাহী আৰু ২খন এনফ্ৰচমেণ্ট ফেৰী কৰা হ'ব মুকলি৷ যাত্ৰীবাহী ফেৰীৰ ভিতৰত প্ৰথমখন ‘এমভি লুহিত’ নামৰ যাত্ৰীবাহী ফেৰীখন নিমাতিঘাটৰ পৰা কমলাবাৰীৰ সংযোগ স্থাপন কৰিব৷
দ্বিতীয়খন ফেৰী ‘এমভি ছুনাই’ গুৱাহাটীৰ পৰা কুৰুৱা সংযোগী হ’ব৷ আনহাতে, তৃতীয়খন ফেৰী ‘এমভি প্ৰতিমা’ ধুবুৰীত চলিব৷ ইয়াৰ উপৰি এনফ্ৰৰ্চমেণ্টৰ ভিতৰত চলিব দুখন ফেৰী৷ তাৰ ভিতৰত ‘এছডিবি বিশাল’ চলিব গুৱাহাটীত। আনহাতে, ‘এছডিবি বিক্ৰান্ত’ চলিব মাজুলীত। যাত্ৰীবাহী এই ফেৰীকেইখনত ১০০জন যাত্ৰীৰ লগতে ৫০খন দুচকীয়া বাহন কঢ়িয়াই নিব পৰা সুবিধাও হ’ব৷ বিশ্ব বেংকৰ আৰ্থিক সাহায্যৰে নিৰ্মাণ কৰা হৈছে ফেৰীকেইখন৷ ৰাজ্য চৰকাৰে আৰু ৫খন ৰ’প্ৰেক্স জাহাজো ক্ৰয় কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৯০ কোটি টকা ডাব'ল ইঞ্জিনৰ জাহাজৰ বাবে আগবঢ়াব চৰকাৰে। জাহাজৰ পৰীক্ষাকৰণো কৰা হ'ব৷ আনহাতে অহা ৪বছৰৰ ভিতৰত মাজুলীৰ দলং সম্পন্ন হ'ব বুলিও মন্তব্য কৰে হিমন্তই৷
মাজুলীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পাছতেই জল পৰিবহণ বিভাগত নতুন সংযোজন ঘটোৱাত বিশেষ গুৰুত্ব দিছে চৰকাৰে৷ জল পৰিবহণ বিভাগৰ ওপৰতো দৃষ্টিনিক্ষেপ কৰিছে চৰকাৰে৷ তাৰ ভিতৰত এই ফেৰীকেইখনৰ সংযোজনে ফেৰীযাত্ৰীসকলক কিমান সুফল দিব, সেয়া সময়তহে পৰিলক্ষিত হ’ব৷
Leave A Comment