• দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪৪৬ জনৰ

    আঞ্চলিক
    দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪৪৬ জনৰ

    গুৱাহাটী : দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌয়ে কালৰূপ ধাৰণ কৰিছে৷ সোমবাৰৰ তুলনাত সামান্য হ্ৰাস হৈছে দৈনিক কৰ'নাৰ সংক্ৰমণ৷ ইপিনে সোমবাৰে আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছিল ১ লাখৰ ঘৰ৷ আজি দিনটোত নতুনকৈ কৰ'নাত আক্ৰান্ত হৈছে ৯৭ হাজাৰজন লোক৷





    আৰু পঢ়িব পাৰিব : ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ





    কৰ’নাৰ দ্বিতায় ঢৌত মৃত্যুৰ সংখ্যাও বাঢ়িছে৷ ২৪ ঘণ্টাত মৃত্যু হয় ৪৪৬ জন লোকৰ৷ হঠাৎ হোৱা সংক্ৰমণৰ বাবে বৃদ্ধি সক্ৰিয় ৰোগীৰ সংখ্যা৷ দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৭ লাখ ৮৮ হাজাৰ ২২৩ লৈ৷ দৈনিক সংক্ৰমণৰ অৰ্ধেক মহাৰাষ্ট্রৰ৷ ২৪ ঘণ্টাত মহাৰাষ্ট্রত আক্ৰান্ত ৪৭ হাজাৰ জন লোজ৷





    আৰু পঢ়িব পাৰিব : ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ এন ভি ৰামাণা





    ইপিনে ছত্তীশগড়ৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটে৷ ৰাজধানী দিল্লীতো হুৰহুৰাই বাঢ়িছে সংক্ৰমণৰ হাৰ৷ দিল্লীত ৩০ এপ্ৰিল পৰ্যন্ত নৈশ সান্ধ্য আইন জাৰি কৰিছে ৷ নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্যআইন বাহাল থাকিব৷