• ধিক্ঃ শিশু দিৱসৰ দিনটোতে কিশোৰীক যৌন নিৰ্যাতন...

    আঞ্চলিক
    ধিক্ঃ শিশু দিৱসৰ দিনটোতে কিশোৰীক যৌন নিৰ্যাতন...

    ডিজিটেল ডেস্কঃ শিশু হৈছে দেশৰ অমূল্য সম্পদ। এটি সুন্দৰ আৰু সুৰক্ষিত শৈশৱ সকলো শিশুৰে জন্মগত অধিকাৰ। প্ৰতিটো শিশুৱে এটি সুন্দৰ সুখী আৰু সুৰক্ষিত শৈশৱ পাব লাগে। সন্মান সহকাৰে কোনোধৰণৰ বৈষম্য নথকাকৈ শিশু সকল ডাঙৰ-দীঘল হোৱাৰ সুযোগ পাব লাগে।





    ভাৰতীয় সংবিধানতো শিশুৰ অধিকাৰ সুৰক্ষাৰ বাবে বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰিছে৷ ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই কেৱল শিশুৰ বাবে এখন মানৱ অধিকাৰ সম্পৰ্কীয় এখন চনদ প্ৰস্তুত কৰে । য’ত বিশ্বৰ ১৯০ খনতকৈও বেছি দেশে স্বাক্ষৰ কৰে। মুঠতে শিশুৰ অধিকাৰৰ দিশটোৰ ওপৰত কোনো এখন ৰাষ্ট্ৰই এৰা-ধৰা কৰিব নোখোজে৷






    আজি ১৪ নৱেম্বৰ, শিশু দিৱস৷ প্ৰতি বছৰে ১৪ নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ প্ৰতি সন্মান জনায় তেখেঁতৰ জন্ম দিনটোত শিশু দিৱস হিচাপে পালন কৰা হয়৷ শিশুৰ অধিকাৰৰ বিষয়ে কোৱা হ’য়, তেওঁলোকৰ সুৰক্ষাৰ বিষয়ে কোৱা হ’য়৷ কিন্তু শিশু দিৱসৰ দিনটোতে আহি পৰিছে মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা পোহৰলৈ আহিছে৷





    খবৰ অনুসৰি, মহানগৰীৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালয়বাৰীত সংঘটিত হৈছে এই ঘটনাটো। অভিযোগ উত্থাপিত হৈছে যে, ১১ বছৰীয়া এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ নিজ গৃহৰ পৰা ফুচুলাই নি নৈৰ পাৰত যৌন নিৰ্যাতন চলায় স্থানীয় এজন যুৱকে। শনিবাৰে সন্ধিয়াৰ ভাগত সংঘটিত ঘটনাটো পৰিয়ালৰ লোকে কিছু পলমকৈ জানিব পাৰি ক্ষেত্ৰী আৰক্ষীক খবৰ দিয়ে, ঘটনাস্থলীত আৰক্ষী উপস্থিত ৰাইজৰ সহযোগত যুৱকজনক কৰায়ত্ত কৰে। ধৃত যুৱকজনৰ নাম সঞ্জয় ৰাজবংশী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে নিৰ্যাতিতা কিশোৰীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰি নিজৰ তত্বাৱধানত ৰাখিছে।