• ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

    আঞ্চলিক
    ধুবুৰীত আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ

    ধুবুৰী : দুৰ্নীতিৰ ৰম্যভূমি হৈ পৰিছে ধুবুৰী জিলাখন৷ এইবাৰ ধুবুৰীৰ আৰক্ষীৰ জালত লাটমণ্ডল নোমেজউদ্দীন শেখ। ঘটনাৰ বিৱৰণী অনুসৰি, চিৰাজুল হক নামৰ লোক এজনৰ ১৩ বিঘা ভূমি শিল্পা সোভাৰীয়াত নামজাৰী কৰি দিছিল। পূৰ্বে শিল্পা সোভাৰীয়াৰ পৰা চিৰাজুলে ক্ৰয় কৰিছিল মাটিখিনি।





    আৰু পঢ়িব পাৰিব : সমুখ সমৰত অতুল বৰা আৰু লুৰিণজ্যোতি: বাকযুদ্ধতেই ৰণৰ বাজি মাৰিব নেকি?





    এইজন লাটমণ্ডলে বৃহৎ পৰিমাণৰ ধন লৈ পুনৰ মাটিখিনি শিল্পাৰ নামত নামজাৰী কৰি দিয়ে। মণ্ডলৰ এনে কাৰ্যৰ পাছতে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে চিৰাজুল হকে। চিৰাজুলৰ এজাহাৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে ধুবুৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰপৰা গ্ৰেপ্তাৰ কৰে লাটমণ্ডল নোমেজউদ্দীনক।





    আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ চেষ্টাত অভিযুক্ত আগশাৰী সংবাদ মাধ্যমৰ সাংবাদিক !





    পূৰ্বেও মাটিৰ নামজাৰী কৰি দিয়াৰ নামত ধন লোৱা দৃশ্য বন্দী হৈছিল সংবাদ মাধ্যমত। অকল নোমেজ উদ্দীনেই নহয় চক্ৰ বিষয়াৰ কাৰ্যলয়ত এটা বৃহৎ চক্ৰ আছে, যি চক্ৰই দীৰ্ঘদিনৰ পৰা ৰাইজক হাৰাশাস্তি কৰি আহিছে। ধুবুৰী আৰক্ষীয়ে ইতিমধ্যই নোমেজ উদ্দীনক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত।