International
After leaving office, Carter decided to lead a simple life with Rosalynn back in their home in Plains, Georgia…
Digital Desk: Jimmy
ধুবুৰীঃ ধুবুৰী অসামৰিক চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। চিকিৎসালয়খনত মঙলবাৰে তিনিগৰাকী ৰোগী ভৰ্তি কৰা হৈছিল। ৰোগীকেইগৰাকীৰ নাম ক্ৰমে আয়শা বিবি(৪৫), তাচিৰণ বেৱা (৮০), এনামুল হক(২৬)। এই তিনিজন ৰোগীৰ প্ৰদান কৰা হৈছে ম্যাদ উকলি যোৱা ছেলাইন। ছেলাইন গ্ৰহণ কৰাৰ পাছৰেপৰা তিনিওগৰাকী ৰোগী অসুস্থ হৈ পৰে।
পাছত ৰোগীৰ পৰিয়ালৰ লোকে ম্যাদ উকলি যোৱা ছেলাইন দিয়া প্ৰত্যক্ষ কৰি বিষয়টোৰ সন্দৰ্ভত নাৰ্ছক অৱগত কৰে। লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়ত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
কিন্তু লক্ষ্যণীয় বিষয় যে, আচলতে কি চলি আছে ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত! কাৰ গাফিলতিৰ বাবে ধুবুৰীৰ অসামৰিক চিকিৎসালয় চলি আছে এনেবোৰ ঘটনা? তদন্তৰ পাছতহে ঘটনাৰ সবিশেষ পোহৰলৈ আহিব।
Leave A Comment