National
Aam Aadmi Party (AAP) chief and Delhi chief minister Arvind Kejriwal is scheduled to arrive in Guwahati on Sunday (April 2), along with Punjab chief minister Bhagwant Mann...
নতুন দিল্লীঃ বিশ্বক্ৰিকেট ইতিহাসৰ ঠাণ্ডা ঠাণ্ডা কুল কুল মহেন্দ্ৰ সিং ধোনীৰ অন্যৰূপ। আইপিএলৰ দ্বিতীয় পৰ্বৰ প্ৰথম খেলতেই ধোনীৰ উল্টা পুৰাণ। মুম্বাই ইণ্ডিয়ানছনৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত ৰুষ্ট ধোনী। কিন্তু কিয়? খেলৰ প্ৰথমাৰ্ধৰ পৰাই ধোনীয়ে পূৰ্বৰ দৰে সাৱলীল ধৰণেই পৰিচালনা কৰি আছিল খেলখন। কিন্তু খেলৰ প্ৰায় অন্তিম মুহূৰ্তত কেৰিবিয়ান তাৰকা ডুৱেইন ব্ৰে’ভৰ সৈতে ভুল বুজাবুজি হয় ধোনীৰ। ১৫৬ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত মুম্বাই ইণ্ডিয়ানছে লক্ষ্যত উপনীত হ’বলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। উল্লেখ্য যে, খেলৰ ১৮সংখ্যক অ’ভাৰত দীপক চাহাৰৰ বলত স্কুপ শ্ব’ট মৰাৰ চেষ্টা কৰিছিল সৌৰভ তিৱাৰীয়ে।
কিন্তু ভাৰসাম্য হেৰুৱাই পেলোৱা তিৱাৰীয়ে বাউণ্ডেৰীৰ পৰিৱৰ্তে তুলি দিয়ে কেচ। সেই কেচটো লক্ষ্য কৰি উইকেটৰ পাছফালৰ পৰা দৌৰি গৈছিল ধোনী। আনহাতে, ব্ৰেভ’ৱেও শ্বৰ্ট ফাইন লেগৰ পৰা কেচটো ধৰিবলৈ দৌৰিছিল। দুয়োজনৰ মাজত ভুল বুজাবুজিৰ বাবে অৱশেষত ধোনীয়ে কেচটো হেৰুৱাইছিল। কেচটো হেৰুৱাৰ পাছত ক্ষণিকৰ বাবে ৰুষ্ট হৈ পৰিছিল মাহী। ব্ৰেভ’ক মুকলিকৈ ধোনীয়ে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল। অৱশ্যে, কেৰিবিয়ান তাৰকাজনে হতাশমনে পুনৰ ফিল্ডিং স্থিতিলৈ উভতি আহিছিল। উল্লেখ্য যে, সৌৰভ তিৱাৰীয়ে মুম্বাই-চেন্নাইৰ বিৰুদ্ধে ৪০টা বলত ৫০ ৰাণ কৰি অপৰাজিত আছিল। কিন্তু সৌৰভৰ অৰ্ধশতকে মুম্বাইক জয়ৰ স্বাদ দিব নোৱাৰিলে।
Leave A Comment