• নকআউটৰ আশা সজীৱ, মহিলা হকীত ভাৰতৰ জয়

    আঞ্চলিক
    নকআউটৰ আশা সজীৱ, মহিলা হকীত ভাৰতৰ জয়

    ট’কিঅ’ : ভাৰত-আয়াৰলেণ্ডৰ মাজত শুকুৰবাৰে অনুষ্ঠিত মহিলা হকীত ভাৰতে জয়লাভ কৰিছে। ভাৰতীয় মহিলা হকী দলে খেলৰ প্ৰায় অন্তিম মুহূৰ্তত গ’ল দি নকআউটৰ আশা সজীৱ কৰি তুলিছে। নিৰ্ণায়ক গ্ৰুপ লীগৰ খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে ১-০ গ’লৰ সংকীৰ্ণ বিজয় অৰ্জন কৰিছে ভাৰতে। ক্ৰমাগত তৃতীয় পৰাজয়ৰ পাছত অলিম্পিকত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে এই জয় আছিল প্ৰত্যাশিত। ভাৰতৰ হৈ নৱনীত কৌৰে বিজয়ী খেলৰ ৫৭ মিনিটত বিজয়ী গ’লটো দিবলৈ সক্ষম হয়।






    উল্লেখ্য যে, শনিবাৰে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰুপ লীগৰ অন্তিম খেলখনত অৱতীৰ্ণ হ’ব। কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ বিজয়ী হ’ব লাগিব ভাৰত। প্ৰতিটো গ্ৰুপ লীগৰ পৰা শীৰ্ষ ৪টা দলে নকআউট পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰে। তেনেক্ষেত্ৰত ভাৰতৰ জয় অত্যন্ত আৱশ্যক।