• নগাঁৱৰ ভকতগাঁৱত দুই শিশুৰ সলিল সমাধি

    আঞ্চলিক
    নগাঁৱৰ ভকতগাঁৱত দুই শিশুৰ সলিল সমাধি

    নগাঁওঃ নগাঁৱৰ ভকতগাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এক কৰুণ ঘটনা। গাঁওখনৰ দুই শিশুৰ সলিল সমাধি ঘটে বৃহস্পতিবাৰে। মৃত শিশু দুটিৰ নাম ক্ৰমে আছিকা বেগম আৰু আস্ফিয়া বেগম। ঘৰৰ চুতালত খেলি আছিল শিশু দুটিয়ে। লাহে লাহে ঘৰৰ পিছফালে থকা পুখুৰীত গৈ পানীত পৰি মৃত্যু হয় শিশু দুটিৰ।





    পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে পাটনালৈ গৈছে যদিও মাকে ঘৰুৱা কামত ব্যস্ত হৈ থকা সময়তে সংঘটিত হয় এই শোকাৱহ ঘটনা। মাকে সন্তানক দেখা নাপাই বিচাৰ-খোচাৰ কৰোতেই পিছফালে থকা পুখুৰীটোত উপঙি থকা অৱস্থাত প্ৰতক্ষ্য কৰে শিশু দুটিক।





    লগে লগে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। শিশু দুটিক পুখুৰীৰ পৰা উদ্ধাৰ কৰি নগাঁৱৰ এখন ব্যক্তিগত চিকিসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইয়াকে লৈ উক্ত অঞ্চলত বিৰাজ কৰিছে গভীৰ শোকৰ ছাঁ।