• নলবাৰীত ২০২১বৰ্ষৰ ‘মোহন ভাইৰা বঁটা’ প্ৰদান অনুষ্ঠান

    আঞ্চলিক
    নলবাৰীত ২০২১বৰ্ষৰ ‘মোহন ভাইৰা বঁটা’ প্ৰদান অনুষ্ঠান

    নলবাৰীঃ নলবাৰী জিলা ছাত্র সন্থাই প্ৰতিবছৰে অসমৰ লোক-সংস্কৃতিক চহকী কৰি অহা একোজনকৈ বিশিষ্ট ব্যক্তিক নলবাৰী জিলা ছাত্র সন্থাই ২০০৯ চনৰ পৰা লোক-সংস্কৃতিৰ সাধক সংগীত নাটক একাডেমী বঁটা প্ৰাপক মোহন ভাইৰাৰ নামত ‘মোহন ভাইৰা বঁটা’ প্ৰদান কৰি আহিছে। আজি প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ বাবে বিশিষ্ট বাঁহীবাদক ,লোক-সংস্কৃতিৰ সাধক নলবাৰী জিলাৰ টিহুৰ বাসীন্দা হৰেকৃষ্ণ তালুকদাৰক। এই বঁটাত আছে নগদ ধন, জাপি ,ফুলাম গামোচা আৰু স্মাৰক।





    আৰু পঢ়িব পাৰিব : পথত গজাল পুতি, হাতত ধাতুৰ ৰড লৈ কৃষকক ভেটিবলৈ সাজু দিল্লী আৰক্ষী





    উল্লেখযোগ্য যে ২০০৯ চনত এই বঁটা লাভ কৰিছিল ক্ৰমে পূৰ্ণ্য প্ৰভা দত্ত তামুলী,২০১০ ত সীতা ৰাম ৰায়,২০১১ ত মুক্তাৰাম বৰুৱা ওজা,২০১২ মাণিক শইকীয়া ওজা,২০১৩ ৰূহিন ৰাভা,২০১৪ ত দ্বিজেন গগৈ,২০১৫ লাভ কৰিছিল প্ৰভাত শৰ্মা,২০১৬ হৰি বৰবায়ন,২০১৭ ৰামচৰণ ভড়ালী,২০১৮ লোকনাথ কুটুম,আৰু ২০১৯ বৰ্ষত ‘কা’আন্দোলনৰ বাবে প্ৰদান কৰা নাই,ইফালে ২০২০ ক’ভিডৰ বাবে প্ৰদান কৰা নাই ,আনহাতে আজি ২০২১বৰ্ষত হৰে কৃষ্ণ তালুকদাৰক এই বঁটা প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সম্বন্ধিতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে।





    আৰু পঢ়িব পাৰিব : প’লিঅ’ ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন





    ইফালে বঁটা প্ৰদান অনুষ্ঠানৰ পূৰ্বে নলবাৰীৰ গড়কাপ্টানী বাংলাৰ পৰা এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে নলবাৰীৰ শ্বহীদ ভৱন বাকৰিলৈ আদৰি আনি এই বঁটা প্ৰদান কৰে। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী ,নলবাৰী জিলা ছাত্র সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজ উদ্দিন আহমেদৰ লগতে কেইবাগৰাকীও ব্যক্তি। বঁটা প্ৰদানৰ পাছতে হৰে কৃষ্ণ তালুকদাৰে বাঁহীবাদনৰে আপ্লুত কৰে।