Business
Digital Desk : There have been reports that Starbucks is planning to exit the Indian market. Due to high operating costs and low profitability, the brand is facing losses and it may force them to end its joint venture with Tata.
যোৰহাট : ‘নাওখনত বহি ২ মিনিট সময় বহ্মপুত্ৰত যাত্ৰা কৰিছোঁ৷ লগে লগে প্ৰচণ্ড জোৰেৰে খুন্দা এটা মাৰিছিল জাহাজ এখনে৷ আমি হতবাক, শংকিত!’- নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাই এনেদৰে বণৰ্না কৰিছে সমগ্ৰ শিহৰণকাৰী ঘটনাটোৰ বিষয়ে৷ নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰে ভিন্নজনৰ৷ যোৰহাট মেডিকেল কলেজত বৰ্তমানে চিকিৎসাধীন বহুজন৷ ‘প্ৰাগ নিউজ’ৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এজনৰ পাছতে আনজনে দিছে শিহৰণকাৰী ঘটনাৰ বৰ্ণনা। কিদৰে কেনেকৈ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিছিল যাত্ৰীসকল!
দুৰ্ঘটনাৰ শিহৰণকাৰী ঘটনাৰ বিষয়ে সাংবাদিকৰ সন্মুখত বৰ্ণনা কৰে ৰাখী বৰা নামৰ এগৰাকী মহিলাই৷ নাৱৰ পৰা জঁপিয়াই নিজৰ জীৱনৰক্ষা কৰিছিল মাজুলীৰ ৰাখী বৰা হাজৰিকা নামৰ মহিলাগৰাকীয়ে৷ মাজুলীৰ বনগাঁৱৰ বাসিন্দা ৰাখী বৰা হাজৰিকা৷ তেওঁ কৰা বৰ্ণনা অনুসৰি, বৰলুইতৰ বুকুত জাহাজৰে সংঘৰ্ষ হোৱাৰ পাছত নাওখনত লাহে লাহে পানী সোমাব ধৰিছিল৷ আৰু লগে লগে সকলোৱে নিজৰ প্ৰাণ বচাবলৈ নাওখনৰ বাহন ৰখা ওপৰৰ অংশলৈ আগবাঢ়িছিল৷ আৰু এনেতে গোটেই নাওখন ডুবি যায়৷
ৰাখী বৰাই ওপঙি থকা ট্ৰ’লী বেগত ধৰি জীৱনৰক্ষা কৰিছিল৷ ৰাখী বৰাৰ এই বৰ্ণনাই ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোপোলাস্বৰূপটোকে উদঙাইছে। নিয়তিয়ে এই দুৰ্ঘটনাত প্ৰাণ ল’লে অন্য এজনৰ৷ এতিয়াও সন্ধানহীন বহুজন৷ কিন্তু এই ভয়ংকৰ ঘটনাই ৰাজ্যবাসীক সোঁৱৰাই দি গ’ল চৰকাৰ কিম্বা জনপ্ৰতিনিধিৰ ভুৱা প্ৰতিশ্ৰুতিৰ কথা!
Leave A Comment