• নাজিৰাত ভয়ংকৰ অগ্নিকাণ্ডঃ লক্ষাধিক মূল্যৰ সা-সম্পত্তি ভস্মীভূত

    আঞ্চলিক

    নাজিৰাঃ নাজিৰাৰ বালিঘাট বৰদুৱাৰ মুখৰ আঠ নম্বৰ ৱাৰ্ডত আজি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত বন্তি হাজৰিকা নামৰ এগৰাকী মহিলাৰ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক মূল্যৰ আ-অলংকাৰ, কাপোৰ-কানি, নথি-পত্ৰ আৰু বিভিন্ন সা-সম্পত্তি জুইত জাহ যায়৷

    আৰু পঢ়িব পাৰিব : আৰএছএছত যোগ দিলে জামিনৰ প্ৰস্তাৱ অখিলক ! বন্ধ কুঠৰীৰ বিস্ফোৰক পত্ৰ

    উল্লেখযোগ্য যে মহিলাগৰাকীৰ পুত্ৰ দশম শ্ৰেণীত অধ্যয়নৰত, আগন্তুক ২০২১বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ লোৱা সকলো কিতাপ-পত্ৰৰ লগতে উল্লেখযোগ্য নথি-পত্ৰ জুইত জাহ যায়৷ ইয়াৰ উপৰি বন্তি হাজৰিকাৰ বাসগৃহতেই আছিল সমীপৰে অংগনবাডী স্কুলৰ সা-সম্পত্তি, সেই সা-সম্পত্তিও জুইত জাহ যায়।

    আৰু পঢ়িব পাৰিব : নিৰ্বাচনী হিংসাৰ ভয়ংকৰ ৰূপ : ১৫ জনীয়া যুৱকৰ দলে চলালে আক্ৰমণ

    জুইৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ ভাষ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশেষত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয়।

    Weather Forecast