• নাতিনীৰ মৃতদেহ দেখি আইতাকৰো আকস্মিক মৃত্যু!

    আঞ্চলিক
    নাতিনীৰ মৃতদেহ দেখি আইতাকৰো আকস্মিক মৃত্যু!

    বৰপেটা : আইতা নাতিনীৰ সম্পৰ্ক কিমান মধুৰ সেয়া প্ৰতেকেই অনুধাৱন কৰিব পাৰে। আইতাকৰ চকুৰ সন্মুখতে নাতিনীৰ মৃত্যু অসহনীয়। কলগাছিয়াৰ বৰতাৰীত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। নাতিনীৰ সলিল সমাধিত হৃদক্ৰিয়া বন্ধ হৈ আইতাৰ মৃত্যু হোৱাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।





    বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰতাৰী গাওঁত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত কান্দুলীয়া গাঁৱৰ ছানিদুল ইছলামৰ কন্যা পাৰবিনা খাতুনে (২) মাকৰ সৈতে আইতাৰ ঘৰত ফুৰিবলৈ গৈ পুখুৰীৰ পানীত পৰি সলিল সমাধি ঘটে।





    উল্লেখ্য যে, দেৱ শিশুটিৰ মৃতদেহ পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰি তাইৰ আইতা মানিকজান নেছা (৬০) ই মূহূৰ্ততে অচেতন হৈ পৰে আৰু লগে লগে বৃদ্ধাগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় । বৃদ্ধাগৰাকীৰ বৰটাৰী গাঁৱৰ সাহজাহান আলিৰ পত্নী । আইতা আৰু নাতিনীৰ এই অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছা পৰিছে ।