• নিশাই অসমত উপস্থিত অমিত শ্বাহ : আদৰিলে মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীয়ে

    আঞ্চলিক
    নিশাই অসমত উপস্থিত অমিত শ্বাহ : আদৰিলে মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীয়ে

    গুৱাহাটী : ব্যক্তিগত ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ বুধবাৰে নিশা ২ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ বিমানেৰে বৰঝাৰ বিমান বন্দৰত অবতৰন কৰে ৷ মন্ত্ৰীগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি কেইবাজনো শীৰ্ষ নেতা৷





    আৰু পঢ়িব পাৰিব : গুৰুত্বপূৰ্ণ ৰায়দান : শিশু বলাৎকাৰী, হত্যাকাৰীক মৃত্যুদণ্ড





    বিমানবন্দৰৰ পৰা পোনে পোনে আমিনগাওঁ লোক নিৰ্মাণ বিভাগৰ অতিথিশালালৈ যায় গৃহমন্ত্ৰীগৰাকী৷ তাত নিশাটো যাপন কৰি আজি চিৰাঙৰ অনন্ত ৰায়ৰ ঘৰলৈ যাব গৃহমন্ত্ৰী অমিত শ্বাহৰ৷





    আৰু পঢ়িব পাৰিব : ‘মাতা সীতাৰ নেপাল, ৰাৱণৰ লংকাত পেট্ৰ’লৰ দাম কিয় কম?’





    চিৰাঙৰ ছাটিপুৰৰ বাসগৃহলৈ যাব গৃহমন্ত্ৰী৷ উত্তৰ বংগৰ প্ৰভাৱশালী নেতা অনন্ত ৰায়ৰ ঘৰত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ৷ ১০ বজাত চিৰাঙত উপস্থিত হৈ অনন্ত ৰায়ৰ সৈতে গুৰুত্বপূৰ্ণ ৰাজনৈতিক আলোচনাত মিলিত হ'ব শ্বাহ৷ গ্ৰেটাৰ কোচবিহাৰ পিপ’ল্ছ এছ’চিয়েচনৰ প্ৰতিষ্ঠাপক ৰায়৷ মমতাক উত্খাত কৰিবলৈ ৰায়ৰ সহায় বিচাৰিছে বিজেপিয়ে লগতে ৰাজবংশী সম্প্ৰদায়ৰ ভোট আদায়ৰ লক্ষ্য বিজেপিৰ৷