• নিশা চলোৱা পাশৱিক অত্যাচাৰত মৃত্যু বোৱাৰীৰ : আত্মহত্যা স্বামীৰ

    আঞ্চলিক
    নিশা চলোৱা পাশৱিক অত্যাচাৰত মৃত্যু বোৱাৰীৰ : আত্মহত্যা স্বামীৰ

    গোৱালপাৰাঃ গোৱালপাৰাৰ জ্যোতিনগৰত পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হৈছে। নিজ পত্নীক উপৰ্যুপৰি মাৰপিট কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ আত্মহত্যা কৰিলে শুভাংকৰ দাস নামৰ লোক এজনে। ঘৰৰ কাষতে থকা এডাল বট গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে শুভাংকৰৰ মৃতদেহ। এই ঘটনাটোক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে।





    কিয়নো, ওৰেনিশা সুস্মিতা দাস নামৰ বোৱাৰীগৰাকীক নিৰ্যাতন চলোৱাৰ পাছতো সম্পূৰ্ণ অজ্ঞাত হৈ আছিল একেটা গৃহতে থকা সুস্মিতাৰ শহুৰ-শাহুৰ লগতে দেওৰেকে। অত্যধিক নিৰ্যাতনৰ ফলত বক্স পালেং ভাঙি যোৱা ঘটনাৰ সন্দৰ্ভত অজ্ঞাত হৈ থকা ঘটনাটোক লৈ সন্দেহ স্থানীয় ৰাইজৰ। নিশা চলোৱা এই নিৰ্যাতনৰ চুবুৰীয়া পৰিয়ালৰ লোকেও কোনো চিঞৰ-বাখৰ শুনা নাছিল। বিভিন্ন সামগ্ৰীৰে নিৰ্যাতন চলোৱাৰ বাবে সুস্মিতাৰ সৰ্বশৰীৰ ক্ষত-বিক্ষত হৈ পৰে। চকু এটাৰ অৰ্ধাংশ বাহিৰলৈ ওলাই আহে সুস্মিতাৰ।





    মুখমণ্ডল আৰু মূৰত আঘাত কৰাত ধাৰাবাহিকভাৱে ৰক্তক্ষৰণ হৈ থকাৰ উপৰি কেৱল তেজবমি কৰি আছে। পৰিয়ালৰ পৰিৱৰ্তে পুৱা স্থানীয় লোকেহে সুস্মিতাক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। মানসিক ৰোগৰ চিকিৎসা কৰি গুৱাহাটীৰ পৰা কালি উভটি অহাৰ পাছতে এই ভয়াৱহ ঘটনাটো সংঘটিত হয়। ইতিমধ্যে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।






    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor