Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
নতুন দিল্লীঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছ সৈন্যই আফগান ভূমি ত্যাগ কৰাৰ আজি তৃতীয় দিন। সমগ্ৰ আফগানিস্তানতে সন্ত্ৰাসৰ ৰাজত্ব স্থাপন কৰিছে তালিবানে। বিগত কেইদিনমানত বিভিন্ন মাধ্যমত দেখুওৱা ফুটেজবোৰে ভয়াৱহতা বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে। মহিলা সাংবাদিকৰ পৰা চলচ্চিত্ৰ নিৰ্মাতালৈকে, চেলিব্ৰিটিৰ পৰা সাধাৰণ মানুহলৈকে দেশত্যাগ কৰিছে। আফগান মহিলাই নিৰাপত্তাজনিত সংশয়ত নুভুগে বুলি আশ্বাস প্ৰদান কৰিছিল তালিবানে। পৰৱৰ্তী সময়ত কিন্তু বিপৰীত ছবিখনহে পৰিলক্ষিত হৈছিল।
নিৰ্বিচাৰ গুলীচালনা, হত্যাৰ খবৰে উদ্বিগ বৃদ্ধি কৰিছিল নাগৰিকৰ। তালিবানীৰাজত ভীতি-সন্ত্ৰস্ত হৈ দেশ এৰিছিল আফগান ক্ৰিকেটাৰ ৰোৱা চামিমে। বৰ্তমান কানাডাৰ এটা শৰণাৰ্থী শিবিৰত আশ্ৰয়গ্ৰহণ কৰি আছে তেওঁ। শেহতীয়াকৈ এইগৰাকী মহিলা ক্ৰিকেটাৰে আইচিচিৰ বিৰুদ্ধে উজাৰিছে তীব্ৰ ক্ষোভ। তালিবানে আফগানিস্তান দখল কৰাৰ পাছৰে পৰা তেওঁলোকক উদ্ধাৰৰ বাবে আইচিচিক বাৰে বাৰে অনুৰোধ কৰা পাছতো হতাশ হ’বলগীয়া হৈছে বুলি চামিমে অভিযোগ উত্থাপন কৰিছে।
তেওঁ কয়, ‘আফগানিস্তান দখল কৰাৰ পাছত আইচিচিলৈ কেইবাটাও ই-মেইল কৰিছো। কাবুলত তালিবানী শাসন জাৰি হোৱাৰ পাছত মই আইচিচিক যুদ্ধ-বিধ্বস্ত আফগানভূমিৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰিছিলো। বাৰে বাৰে অনুৰোধ কৰিছিলো, আমাক বচাওক। কিন্তু মই কোনো উত্তৰ পোৱা নাছিলো। ’ আইচিচিৰ পৰা কোনো ধৰণৰ সাহায্যৰ আশ্বাস নোপোৱাত বিতুষ্ট হৈ পৰা মহিলা ক্ৰিকেটাৰ গৰাকীৰ কথাক অনাগত সময়ত কেনেধৰণে গুৰুত্ব প্ৰদান কৰে সেয়াহে হ’ব লক্ষণীয়!
Leave A Comment