• নিৰ্বাচনী ৰাজনীতিৰ মাজতে মহানগৰীত আছুৰ প্ৰতিবাদ

    আঞ্চলিক
    নিৰ্বাচনী ৰাজনীতিৰ মাজতে মহানগৰীত আছুৰ প্ৰতিবাদ

    গুৱাহাটী : ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নির্বাচনৰ প্ৰাকক্ষণত আজি গুৱাহাটীত আছুয়ে বিশাল প্ৰতিবাদী সমদল উলিয়ায়। মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতৃত্বই মহানগৰীত উলিয়ায় বিশাল পদযাত্ৰা। হাতে হাতে খালি কাঁহী-বাতি, কান্ধত চিলিণ্ডাৰ, ডিঙিত আলু-পিয়াঁজৰ মালা পিন্ধি মূল্যবৃদ্ধি ৰোধ কৰা দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছু কর্মীসকলে।





    আৰু পঢ়িব পাৰিব : ক’ভিডৰ দ্বিতীয় ঢৌত দেশ শংকিত! প্ৰতিদিনে বৃদ্ধি আক্ৰান্ত





    আছুৰ এই পদযাত্ৰাত অংশগ্ৰহণ কৰে একাংশ বয়োজ্যেষ্ঠ মহিলায়ো। প্ৰায় তিনি শতাধিক আছু কর্মী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদত। মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰ মুর্দাবাদ, ক’লা বেপাৰী হুচিয়াৰ আদি বিভিন্ন শ্লোগান দিয়ে প্ৰতিবাদকাৰীয়ে।





    আৰু পঢ়িব পাৰিব : দলগাঁৱত গঁড়ৰ আতংকঃ আহত এজন





    লতাশিলৰ শ্বহীদ ন্যাসৰ পৰা জজ ফিল্ড হৈ দীঘলীপুখুৰী পাৰেৰে লতাশিল আৰক্ষী থানাৰ সন্মুখেৰে শ্বহীদ ন্যাসলৈ উভতি আহে প্ৰতিবাদী আছু কর্মীসকল। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সদৌ গুৱাহাটীৰ আছু সভাপতি আনোৱাৰ হুছেইন, ৰজমিল আলী প্ৰমুখ্যে আছু শীৰ্ষ নেতৃবৃন্দই।