• নিৰ্বাচনৰ কামত সহযোগ নকৰে গৃহৰক্ষী জোৱানেঃ অসহযোগ আন্দোলনৰ হুংকাৰ

    আঞ্চলিক

    গুৱাহাটীঃ নিৰ্বাচনৰ কামত সহযোগ নকৰে অসমৰ গৃহৰক্ষী জোৱানসকলে। কৰ্তব্যৰ পৰা আঁতৰি থাকি ৰাজপথলৈ ওলাই আহিছে শ শ গৃহৰক্ষী জোৱান। ৰাজ্যজুৰি ‘অসহযোগ আন্দোলন’ গৃহৰক্ষী জোৱানৰ। বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদত নামিছে গৃহৰক্ষী জোৱানসকল।

    আৰু পঢ়িব পাৰিব : ভাৰতীয় বায়ু সেনাৰ মিগ-২১ বাইছন বিমান দুৰ্ঘটনাগ্ৰস্ত: নিহত চালক

    তেওঁলোকৰ দাবী-প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলক নিয়মীয়াকৰণৰ ব্যৱস্থা কৰা, সমান কামৰ সমান অধিকাৰ প্ৰদান আদি দাবীৰে কৰ্মবিৰতি পালন গৃহৰক্ষী জোৱানসকলৰ।

    আৰু পঢ়িব পাৰিব : অসমৰ প্ৰভাৱশালী নেতাৰ মনোনয়ন দখিলৰ বাবে সালসলনি হ’ব মহানগৰীৰ পথ চলাচল

    ‘কম দৰমহাৰ পোৱা আৰক্ষী পোছাক পৰিধান কৰা গৃহৰক্ষী জোৱানৰ কথা শুনিবলৈ অসম চৰকাৰৰ আহৰি নাই’- বুলি উল্লেখ কৰি নিৰ্বাচনৰ আগত গৃহৰক্ষী জোৱানসকলৰ ন্যায্য দাবী মানি নল'লে নিৰ্বাচন সময়তো ২৭০০০ জোৱানে অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে।

    Weather Forecast

    ASSAM WEATHER