• নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

    আঞ্চলিক
    নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

    গুৱাহাটী : নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত 'অজাপ'ৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰথমবাৰলৈ সংবাদমেলৰ জৰিয়তে সকলো ৰাইজ আৰু সংবাদ মাধ্যমক ধন্যবাদ জনায়। বিধায়কৰূপে নিৰ্বাচিত 'ৰাইজৰ দল'ৰ সভাপতি অখিল গগৈকো অভিনন্দন জনায় লুৰীণে৷ ১০০ দিন পূৰ্বে জন্ম হোৱা 'অজাপ'ই কম সময়ৰ ভিতৰতে সকলো লোককে স্পৰ্শ কৰাটো ইমান সহজ নহয় বুলি উল্লেখ কৰে৷





    আৰু পঢ়িব পাৰিব : এদিনতে মৃত্যু প্ৰায় ৪ হাজাৰ ক’ভিড আক্ৰান্তৰ, আৰোগ্য তিনি লক্ষাধিক






    এই নিৰ্বাচন জাতীয়তাবাদী এটা ধাৰা প্ৰতিষ্ঠাৰ চেষ্টা আছিল বুলি লুৰীণজ্যোতি গগৈয়ে লগতে কয়৷ যিসকলে অজাপক ভোট দিলে সেই ভোটখিনিকে মূলধন হিচাপে লৈ ভৱিষ্যতে আগবঢ়াৰ কথাও তেওঁ প্ৰকাশ কৰে৷ সাম্প্ৰদায়িক শক্তিৰ সহযোগিতা লৈ কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বিজেপি জয়ী হ'ল বুলিও তেওঁ অভিযোগ কৰে৷





    আৰু পঢ়িব পাৰিব : অজয়-টাবুৰ দৃশ্যম-২ক লৈ অনিশ্চয়তা, কিন্তু কিয়?





    ইফালে, ৰাজ্যৰ শোচনীয় ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ শীঘ্ৰে চৰকাৰ গঠন কৰি কাম আৰম্ভ কৰাত সহযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক তেওঁ আহ্বান জনায়৷ ১০০বছৰ পুৰণি দল কংগ্ৰেছ আৰু পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনৱান দল বিজেপিৰ বিৰুদ্ধে মাত্ৰ ১০০দিনীয়া অজাপ দলক যুঁজ দিয়াত সহায় কৰা সংবাদ মাধ্যমকো কৃতজ্ঞতা জ্ঞাপন কৰে অজাপৰ নেতাজনে৷ ৰাষ্ট্ৰীয় আৰু সাম্প্ৰদায়িক দলৰ পৰা অসম জাতীয় পৰিষদ সদায় দূৰত থাকিব বুলিও তেওঁ দোহাৰে।