• নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

    আঞ্চলিক
    নিৰ্মমভাৱে হত্যা কৰি কাটি নিলে দেহৰ কেইবাটাও অংগ !

    ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ ‘বকপৰা চাহ বাগিচা’ত এটা প্ৰকাণ্ড নাহৰফুটুকীৰ মৃতদেহ উদ্ধাৰ হৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি বাঘটো কোনো দুষ্কৃতিকাৰীয়ে নিৰ্মমভাৱে হত্যা কৰিছে। ইতিমধ্যে দুষ্কৃতিকাৰীয়ে নাহৰফুটুকীটোৰ দেহৰ কেইবাটাও অংগ কাটি লৈ গৈছে।





    আৰু পঢ়িব পাৰিব : ১৭ বছৰত ১৯২বাৰ ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষা, কি হ’ল ফলাফল?





    চিকাৰীয়ে বাঘটোৰ নখ, নেজ, দাঁত ইত্যাদি কাটি লৈ যায়। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বাগিচাখনত নাহৰফুটুকীৰ আতংকই বিৰাজ কৰিছিল। কেইদিনমানৰ পূৰ্বে বাগিচাখনৰ এজন শ্ৰমিকক বাঘে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।





    আৰু পঢ়িব পাৰিব : ‘ৰাম মহল’ বা ‘শিৱ মহল’লৈ সলনি হ’ব তাজমহলৰ নাম!





    পাছত বন বিভাগৰ পিঞ্জাৰাত এটা বাঘ পিঞ্জৰাবদ্ধ হৈছিল। উক্ত ঘটনাৰ পাছতে সচেতন লোকৰ অভিযোগ যে, বন বিভাগৰ ব্যৰ্থতাৰ বাবেই নিষ্ঠুৰ মানৱৰ হাতত নাহৰফুটুকীটোৰ প্ৰাণ গ’ল!