• নিৰ্মম : পত্নীক হত্যা কৰি পুতি থ'লে স্বামীয়ে

    আঞ্চলিক
    নিৰ্মম : পত্নীক হত্যা কৰি পুতি থ'লে স্বামীয়ে

    কাছাৰ : কাছাৰত ভয়াৱহ হত্যাকাণ্ড৷ পত্নীক হত্যা কৰি পুতি থ'লে স্বামীয়ে৷ হত্যাকাণ্ডৰ দুদিন পাছত মাটি খান্দি মৃতদেহ উদ্ধাৰ কৰিলে আৰক্ষীয়ে ৷ ঘটনাৰ স্থান কাছাৰ জিলাৰ কাটিগৰা নুননগৰ৷ নিমৰ্মভাৱে পত্নী পুর্নিমা নাথক হত্যা কৰি মৃতদেহ পুতি থৈছিল স্বামী চন্দন নাথে।





    আৰু পঢ়িব পাৰিব : বিহুক পালনৰ নিৰ্দেশনা : কোনে মানিব, কোনে নামানে?





    শনিবাৰে মৃতদেহটো উদ্ধাৰ কৰে কাটিগৰা আৰক্ষীয়ে৷ জানিব পৰা মতে, পূৰ্ণিমা নিখোঁজ হোবাৰ খবৰ পাই তেওঁৰ পিতৃয়ে কাটিগৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল। আৰু আৰক্ষীৰ তদন্তত পূর্নিমাৰ স্বামী চন্দন নাথৰ ওপৰত সন্দেহ ওপজাত আটক কৰি জেৰা চলাইছিল আৰক্ষীয়ে। লাহে লাহে আৰক্ষীয়ে চলোৱা অনুসন্ধানত সকলো ঘটনা পোহৰলৈ আহে৷





    আৰু পঢ়িব পাৰিব : গণহত্যা! কোচবিহাৰৰ হিংসাক লৈ মমতাৰ বিস্ফোৰক অভিযোগ





    শনিবাৰে ঘাতক চন্দনে দিয়া স্বীকাৰোক্তিৰ আধাৰতে দণ্ডাধীশ প্রাণজিৎ দেবক লগত লৈ আৰক্ষীয়ে নুননগৰৰ পৰাপূর্নিমাৰ মৃতদেহ উদ্ধাৰ কৰে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত৷