• নিৰৱধি পাগলাদিয়া: সুধাকণ্ঠৰ পৰা নিৰুপমালৈ যি প্ৰেৰণাৰ উৎস

    আঞ্চলিক
    নিৰৱধি পাগলাদিয়া: সুধাকণ্ঠৰ পৰা নিৰুপমালৈ যি প্ৰেৰণাৰ উৎস

    ডিজিটেল ডেস্ক : নদীক কেন্দ্ৰ কৰিয়ে এটা জাতিৰ সভ্যতা গঢ় লৈ উঠে৷ পৃথিৱীৰ প্ৰাচীন সভ্যতাবোৰৰ বিৱৰ্তনো ঘটিছে নদীক কেন্দ্ৰ কৰিয়েই৷ নদীকেন্দ্ৰিক সভ্যতাবোৰৰ নিজা ইতিহাস থকাৰ দৰে নদীবোৰৰো আছে নিজা ইতিহাস৷ নদীৰ এই ঐতিহাসিক পৰিক্ৰমাক মানুহে যুগে যুগে স্বীকাৰ কৰি আহিছে৷ সভ্যতাৰ উত্থান-পতনৰ সৈতেও জড়িত হৈ থাকে কিছু প্ৰাকৃতিক কাৰণ৷ নদীয়ে সভ্যতা ভঙা-গঢ়াৰ দৰে প্ৰকৃতিয়েও নিৰ্ধাৰণ কৰে নদীৰ জন্ম-মৃত্যুৰ লেখ৷ তেনে এটি নদী পাগলাদিয়া৷ ভূটানৰ পৰা নামি আহি নলবাৰী জিলাৰ মাজেৰে বৈ যোৱা এই নদীখনক কেন্দ্ৰ কৰিয়ে অবিভক্ত নলবাৰী জিলাৰ সমাজ-সংস্কৃতি গঢ় লৈ উঠিছে৷ প্ৰতিটো অঞ্চলৰে তাৰ স্থানীয় লোকসকলৰ নিজ নিজ অঞ্চলৰ নদীৰ প্ৰতি এক অকৃত্ৰিম আৱেগ থাকে৷ থাকে ভালপোৱা আৰু আদৰ৷ পাগলাদিয়াৰ প্ৰতিও নলবাৰীবাসীৰ আৱেগ দূৰ অতীতৰ পৰা আজিলৈ একে আছে৷





    সৃষ্টিশীল সাহিত্যৰ পৰা সংস্কৃতিলৈ, অৰ্থনীতিৰ পৰা ৰাজনীতিলৈ নলবাৰীবাসীৰ জীৱন পৰিক্ৰমা পাগলাদিয়াক কেন্দ্ৰ কৰি প্ৰবহমান হৈ আছে৷ পাগলাদিয়া নদীক বিষয় হিচাপে লৈ অসমীয়া সংগীত আৰু সাহিত্যক অলেখ সৃষ্টিয়ে সমৃদ্ধ কৰিছে৷ ভূপেন হাজৰিকাৰ এটি গীতত পাগলাদিয়া নদীক কেন্দ্ৰ কৰি ইয়াৰ স্থানীয় সমাজৰ এখন ছবি প্ৰতিফলিত হৈছে৷ ''আমাক সোধা যদি / (ক'ম) গাঁৱৰ আয়ুসৰেখা হ'ল পাগলাদিয়া নদী / এই নদীৰ পানীয়ে (আমাৰ) দেহা শীতলায়''- এই গীতটোৰে ভূপেন হাজৰিকাই পাগলাদিয়া নদীৰ ঐতিহ্যক এক মান্যতা প্ৰদান কৰিছে৷ তেনেদৰে, নিৰুপমা বৰগোহাঞিৰ 'সেই নদী নিৰৱধি', 'ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ' আদি উপন্যাসত মূল উপজীব্য হিচাপে স্থান পাইছে পাগলাদিয়া নদীয়ে৷ 'সেই নদী নিৰৱধি'ৰ মূল কাহিনীটোক সাধাৰণ এক প্ৰেমৰ কাহিনী যেন লাগিলেও, প্ৰকৃততে কাহিনীটোৰ সৈতে সংপৃক্ত হৈ আছে নদী আৰু মানুহৰ মাজৰ সংগ্ৰাম আৰু সংঘাতৰ এক জীয়া ছবি৷ য'ত প্ৰতিফলিত হৈছে নদীৰ শক্তিক প্ৰত্যাহ্বান জনাব খোজা মানুহৰ বৃথা প্ৰচেষ্টা৷ কবি হৰেকৃষ্ণ ডেকাৰ কবিতাতো পাগলাদিয়া নদীয়ে স্থান পাইছে৷ পাগলাদিয়াই উবুৰিয়াই দিছে অবিভক্ত নলবাৰীৰ সমাজ জীৱনক৷





    সৃষ্টি, সম্ভাৱনাৰ সকলো বীজ পাগলাদিয়াই ৰোপণ কৰিছে নলবাৰীবাসীৰ মনত৷ সম্ভাৱনাৰ লগতে মাজে-সময়ে সংশয়ো কঢ়িয়াই পাগলাদিয়াই৷ বাৰিষা বানে লয় ৰুদ্ৰমূৰ্তি৷ সপোন উটি যায় পাগলাদিয়াৰ পানীত৷ পাগলাদিয়াই যে সকলো সময়তে ওপচাই দিছে, তেনে নহয়৷ বহু সময়ত পাগলাদিয়া হৈ উঠিছে চকুলোৰ কাৰণ৷ বানে ধোৱা মানুহৰ আৰ্তনাদৰো সাক্ষী পাগলাদিয়া৷ নামটোৰ দৰেই ৰহস্য আৰু উন্মাদনাৰ একত্ৰ ৰূপ হৈ উঠে পাগলাদিয়া৷ পাগলাদিয়া আজিও বৈ আছে৷ সময়ে পাগলাদিয়ালৈ কঢ়িয়াই আনিছে সংকট৷ তথাপি, নিৰৱধি পাগলাদিয়া৷ এখন সমাজৰ সামগ্ৰিক সংস্কৃতি আৰু আৱেগৰ ঢল লৈ পাগলাদিয়া চিৰদিন বৈ থাকিব৷ এসময়ত সংশয় কঢ়িওৱা পাগলাদিয়াই এতিয়া কঢ়িয়াই আনিছে সম্ভাৱনাৰ পোহৰ৷ শেহতীয়াকৈ নলবাৰী জিলাত পাগলাদিয়া নদীৰ পাৰত কৃষিবিপ্লৱ আৰু নদী পৰ্যটনৰ দৰে আকৰ্ষণীয় কিছু কাম হ‘বলৈ লৈছে৷ নলবাৰী বালিতাৰাৰ জ্যোতি ফাৰ্মাৰ্চ ক্লাৱে নিৰ্মাণ কৰি উলিওৱা 'কঁহুৱা ৰিজ'ৰ্ট' আৰু অলপতে নিৰ্মাণ হোৱা 'পাগলাদিয়া ৰিজ'ৰ্ট'এ নদীকেন্দ্ৰিক কৃষি পৰ্যটনৰ নতুন দুৱাৰ মুকলি কৰিছে৷