জীৱন শৈলী
গুৱাহাটী: এইবাৰ মহানগৰীত ঘটিল ডকমকা কাণ্ডৰ পুনৰাবৃত্তি৷ নুনমাটিৰ ত্ৰিনয়নপুৰত গণপ্ৰহাৰৰ ঘটনা৷ ১২জনীয়া এটা দলে হত্যা কৰিলে এজন যুৱকক৷ উন্মত্ত লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ৰাজু দাস৷
আৰু পঢ়িব পাৰিব : ৩০টা শগুনৰ অস্বাভাৱিক মৃত্যু : আতংকত অঞ্চলবাসী
১৩ দিন জিএমচিএইচত মুমূৰ্ষ অৱস্থাত আছিল লোকজন৷ সোমবাৰে জিএমচিএইচত মৃত্যু হয় ৰাজু দাসৰ৷ বিচাৰ চলোৱাৰ নামত ৰাজু দাসক দলটোৱে কৰিছিল অমানুষিক অত্যাচাৰ৷ জানিব পৰা মতে ৰাজু দাসে সুৰাপান কৰি প্ৰহাৰ কৰিছিল পত্নীক৷
আৰু পঢ়িব পাৰিব : গুজৰাটত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত ১৫জন প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু
পত্নীয়ে বিচাৰৰ বাবে অৱগত কৰিছিল স্থানীয় ৰাইজক৷ বিচাৰৰ নামত ১২জনীয়া দলটোৱে প্ৰায় ২ কিলোমিটাৰ বাট চোঁচৰাই নিছিল ৰাজুক৷ বিগত ৬ জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা৷ পত্নী অনিমা দাসে বিষয়টো সন্দৰ্ভত নুনমাটি থানাত তৰিছে গোচৰ৷
Leave A Comment