ৰাষ্ট্ৰীয়
গুৱাহাটীঃ আজি সৰুসজাইত নৱনিযুক্ত এছআইক নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে ধিং এক্সপ্ৰেছ হিমা দাসকো ডিএছপি হিচাপে দিয়া হ’ব নিযুক্তি। সৰ্বমুঠ ৫৯৭ গৰাকী প্ৰাৰ্থীক দিছে এছআই হিচাপে নিযুক্তি।
আৰু পঢ়িব পাৰিব : দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট
ক্ৰীড়া নীতি ২০১৭-২০১৮ বৰ্ষৰ মতে হিমা দাসক ডিএছপি নিযুক্তি দিয়া হৈছে। আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব হিমা দাসক। নিযুক্তি ব’ৰ্ডৰ সকলো সদস্যক ধন্যবাদ জনাই আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। মহন্তই লগতে কয় ‘ আজি এটা অতি বিশেষ দিন। বহু চেষ্টাৰ ফলত নিকাভাৱে এছআই নিযুক্তি দিব পৰা হৈছে। হিমা দাসে নিজেই মোক কৈছিল ডিএছপি হোৱাৰ কথা।’
আৰু পঢ়িব পাৰিব : গৃহমন্ত্ৰীৰ উপস্থিতিত যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ সম্পন্ন
আনহাতে অসম আৰক্ষীত নতুন সংযোজন হ’ব বুলি লগতে কয় ডিজিপিগৰাকীয়ে। বি এছ এফ,চি আৰ পি এফৰ লেখিয়াকৈ গঠন হৈছে চালামি গোট। অসম আৰক্ষী বাহিনীৰ পৰা ৬ফুট উচ্চতাৰ বেটেলিয়ানৰে গঠিত হৈছে এই চালামি গোট। এতিয়াৰেপৰা এই চালামি গোটে বিশেষ ব্যক্তি আহিলে চালামি দি আদৰণি জনাব।
Leave A Comment