Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
বৰপেটাঃ বৰপেটা ৰোড চহৰৰ কাষতে থকা পথাৰৰ মাজত উদ্ধাৰ সৰভোগৰ ‘বৰনগৰ কলেজ’ৰ অধ্যাপকৰ মৃতদেহ। মৃত অধ্যাপকজনৰ নাম মাধুৰ্য বৰা। মৃত অধ্যাপজনৰ ঘৰ লখিমপুৰ জিলাৰ বিষ্ণুপুৰৰ জৰিগুৰি গাঁৱত বুলি জানিব পৰা গৈছে৷ বৰপেটা ৰোড চহৰৰ ফ’ৰেষ্ট কল’নীত আন এগৰাকী অধ্যাপকৰ সৈতে ভাৰাতীয়া হিচাপে আছিল অধ্যাপকজন।
আৰু পঢ়িব পাৰিব : বৃহৎ পদক্ষেপ! দেশৰ প্ৰাক্তন বিত্ত, বিদেশমন্ত্ৰী তৃণমূল কংগ্ৰেছত
আজি একাংশ লোকে পথাৰৰ মাজত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে মাধুৰ্য বৰা নামৰ অধ্যাপকজনৰ মৃতদেহ৷ মৃতদেহটোৰ মুখৰ পৰা ফেন ওলাই থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে৷ আনহাতে মৃতদেহৰ কাষৰ পৰা মোবাইল ফোন আৰু তেওঁৰ বেগখন উদ্ধাৰ হৈছে৷ অধ্যাপকজনৰ কি পৰিস্থিতিত পৰি মৃত্যু হ’ল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷
আৰু পঢ়িব পাৰিব : উদ্বেগ বৃদ্ধি : শুকুৰবাৰে বছৰটোৰ ভিতৰতে সৰ্বাধিক ক’ভিড পজিটিভ
ইপিনে মৃত অধ্যাপকজনৰ সৈতে ভাৰাতীয়া হিচাপে থকা তেওঁৰ এগৰাকী বন্ধুৱে জানিবলৈ দিয়া মতে, বিগত দুদিন ধৰি দিনৰ ভাগত অধ্যাপকজন ভাৰাঘৰত আছিল যদিও নিশাৰ ভাগত তেওঁ ভাৰাঘৰলৈ উভতি অহা নাছিল। বিগত দুদিন নিশা ক’ত আছিল অধ্যাপকজন, সেই কথা নাজানে তেওঁৰ সৈতে ভাৰাঘৰত বাস কৰা বন্ধুজনে!
Leave A Comment