• পথাৰৰ মাজত জুৱাৰ ঘাটি : আটক ৪টা জুৱাৰী...

    আঞ্চলিক
    পথাৰৰ মাজত জুৱাৰ ঘাটি : আটক ৪টা জুৱাৰী...

    মৰিগাঁও : মৰিগাঁৱৰ ভূৰাগাঁও আৰক্ষীয়ে জুৱাৰ ঘাটি উৎখাত কৰে। বৃহস্পতিবাৰে নিশা তিনি জুৱাৰী নগদ ধন, প্লেয়িং কাৰ্ডসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে বৰডোবাৰ কৃষি পথাৰত চলি আছিল এই জুৱাৰ ঘাটিটো।





    আৰু পঢ়িব পাৰিব : জো ডিমেঅ’ : জীৱনৰ ধূসৰতা আৰু উজ্জ্বলতাৰ অনুপম সমাহাৰ





    গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটাৰ নাম ক্ৰমে খাইৰুল ইছলাম (২৫) , মইদুল ইছলাম (২৫) আৰু ছাহআলাউদ্দিন আলী (১৯) । নিশা ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত জুৱাৰ ঘাটিৰ বিৰুদ্ধে চলা অভিযানত গ্ৰেপ্তাৰ হয় জুৱাৰীকেইটা।





    আৰু পঢ়িব পাৰিব : ‘এবাৰ কেঞ্চাৰ ৰোগ নিৰাময় হোৱাৰ পাছত আকৌ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা থাকে !’





    উল্লেখ্য যে বিগৰ কিছু দিন ধৰি অঞ্চলটোত অবৈধ জুৱাৰ ঘাটি বহাক লৈ বিভিন্ন চৰ্চা চলি আহিছিল৷ তাৰেই পৰিপ্ৰেক্ষিতত ভূৰাগাঁও থানাৰ আৰক্ষীয়ে নিশা অতৰ্কিতে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰাৰ লগতে ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয়৷