• পলাবলৈ লওঁতেই গুলী! এইবাৰ কোন চিকাৰ হ’ল আৰক্ষীৰ এনকাউণ্টাৰৰ

    আঞ্চলিক
    পলাবলৈ লওঁতেই গুলী! এইবাৰ কোন চিকাৰ হ’ল আৰক্ষীৰ এনকাউণ্টাৰৰ

    ডিজিটেল ডেস্ক : ‘পলাবলৈ লওঁতেই আৰক্ষীৰ এনকাউণ্টাৰ’ - সহজলভ্য হৈ পৰিছে এতিয়া বাক্যশাৰী৷ ৰাজ্যত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰেপৰা চলিছে এনকাউণ্টাৰৰ এক অঘোষিত প্ৰতিযোগিতা৷ ড্ৰাগছবিৰোধী অভিযান আৰম্ভ কৰাৰ সমান্তৰালকৈ এনকাউণ্টাৰৰ সংখ্যাও বৃদ্ধি পাইছে৷ বেছিসংখ্যক অপৰাধীয়ে আৰক্ষীৰ বেষ্টনীৰ পৰা পলাই সাৰিবলৈ চেষ্টা কৰে, কিছুৱে আকৌ দূৰতে আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰোতে সন্মুখীন হয় এনকাউণ্টাৰৰ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি দাগী অপৰাধীয়ে আৰক্ষীৰ এনকাউণ্টাৰতে নিহতোও হয়৷ শুকুৰবাৰে এনকাউণ্টাৰৰ সন্মুখীন হৈছে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে ইৰাণী গ্ৰুপৰ সদস্যও৷





    দুৰ্ধৰ্ষ ইৰাণী গ্ৰুপৰ সদস্যই আৰক্ষীৰ পলাবলৈ লওঁতে ভৰিত গুলীয়ালে দিশপুৰ আৰক্ষীয়ে৷ শুকুৰবাৰে আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালাক৷ পৌৰ নিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমৰ গোৱালা৷ ঝাৰখণ্ডৰ পৰা দুখন বাইকত আহিছিল চাৰিজনীয়া দলটো৷ পুতলা পিষ্টল দেখুৱাই ৩ লাখ ৩৫ হাজাৰ টকা লুট কৰিছিল দলটোৱে৷ আটকাধীন অমৰে পলাতক তিনিজনক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে পলাই সাৰিবলৈ লওঁতে এনকাউণ্টাৰৰ সন্মুখীন হয়৷





    ইপিনে বিশ্বনাথত পুনৰ সংঘটিত হ’ল এনকাউণ্টাৰৰ ঘটনা। বিশ্বনাথ জিলা আৰক্ষীয়ে এতিয়া পৰ্যন্ত কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও প্ৰাপ্ত তথ্য অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ২-৩০বজাত বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলৰ পিষ্টলৰ গুলীত গুলীবিদ্ধ হ’ল ফকিৰ আলী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী৷ বিশ্বনাথ জিলা আৰক্ষীৰ এটা অভিযানকাৰীৰ দলে গোপন সূত্ৰৰ পম খেদি বিশ্বনাথ চাৰিআলি অসম ৰাজ্যিক পৰিবহণ বিভাগৰ বাছ আস্থানৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল দুজন ড্ৰাগছ সৰবৰাহকাৰীক। এজনৰ নাম ইনামূল হক আৰু আনজনৰ নাম হ’ল ফকিৰ আলী। ফকিৰ আলীৰ ঘৰ হ’ল দলগাঁৱত। ফকিৰ আলীক লৈ চলোৱা অভিযানতে এনকাউণ্টাৰৰ সন্মুখীন হয় সৰবৰাহকাৰীজন৷ ভৰিত গুলীবিদ্ধ হোৱা ফকিৰ আলীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ নিয়া হয়।