comScore
  • পানীত পৰি মৃত্যু চিকিৎসক-অভিযন্তা ভাতৃৰ : শোকস্তব্ধ সৰুপেটা

    আঞ্চলিক
    পানীত পৰি মৃত্যু চিকিৎসক-অভিযন্তা ভাতৃৰ : শোকস্তব্ধ সৰুপেটা

    বজালী : দুজন উদীয়মান যুৱকৰ মৃত্যুক লৈ এতিয়া শোকস্তব্ধ হৈ পৰিছে বজালী৷ পানীত পৰি আজি আকস্মিক মৃত্যুক সাবটি লোৱা দুয়োজন যুৱক সম্পৰ্কত ভাই-ককাই আছিল৷ এই শোকাৱহ ঘটনা সংঘটিত হৈছে বজালীৰ সৰুপেটাত৷ মৃত্যু হোৱা ভাই-ককাইৰ এজন চিকিৎসক আৰু আনজন অভিযন্তা আছিল৷





    জানিব পৰা মতে পুখুৰীত গা ধুবলৈ গৈ দুজনৰ সলিল সমাধি ঘটে৷ সৰুপেটাৰ ভগৱান তালুকদাৰৰ পুত্ৰ অভিযন্তা সুৰজিত তালুকদাৰ(২৭) আৰু পাঠশালাৰ চিকিৎসক কুমাৰেশ দাস (২৭) দুয়ো গা ধুবলৈ গৈছিল সুৰজিতৰ ঘৰৰ কাষতে থকা পুখুৰীত। ক্ষন্তেক পাছতেই প্ৰতিবেশীয়ে পুখুৰীত দুয়োৰে মৃতদেহ দেখি হুৱাদুৱা লগায়। ঘটনাস্থলীত সৰুপেটা আৰক্ষী উপস্থিত হৈ দুয়োৰে মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।





    উল্লেখ্য যে, সুৰজিত তালুকদাৰ কটন বিশ্ববিদ্যালয়ত কৰ্মৰত অভিযন্তা আছিল আৰু কুমাৰেশ দাস পাঠশালা সমীপৱৰ্তী আমদহ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসক আছিল। দুই মেধাৱী তথা অতি অমায়িক ভাই-ককাইৰ কৰুণ মৃত্যুত সৰুপেটাত শোকৰ ছাঁ পৰিছে৷


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayamagen sabung ayam