স্বাস্থ্য
মৰিগাঁওঃ ৰাজ্যত সঘনাই সংঘটিত হৈ আছে অপৰাধজনিত ঘটনা। পুনৰ মৰিগাঁৱত সংঘটিত হৈছে এক পাশৱিক কাণ্ড। শেহতীয়াকৈ মছজিদৰ ইমামে বন্ধুৰ পত্নীক ধৰ্ষণ কৰাৰ কথা পোহৰলৈ আহিছে। মৰিগাঁৱৰ মিলনপুৰ মছজিদৰ ইমাম ইক্ৰাম আহমেদৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি, লম্পট ইমাম ইক্ৰাম আহমেদৰ আছে এখন হোমিঅ’ ক্লিনিক।
আৰু সেই হোমিঅ’ ক্লিনিকখনতে বন্ধুৰ পত্নীক চিকিৎসা কৰাৰ চলেৰে চিকিৎসা কৰি ঘৰলৈ মাতি নি সংঘটিত কৰে এই জঘন্য কাণ্ড। লম্পট ইমামে ঘৰৰ ভিতৰতে কৰিছিল মহিলাগৰাকীক উপৰ্যুপৰি ধৰ্ষণ।
তাৰপাছতে মহিলাগৰাকীয়ে মৰিগাঁও আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পাছতো লম্পটটোৱে টকাৰে মেনেজ কৰি গোচৰ উঠাই ল’বলৈ ভাবুকি প্ৰদান কৰিছিল মহিলাগৰাকীক। উল্লেখ্য যে, ধৰ্মৰ বাণী প্ৰচাৰৰ বাবে বহিঃৰাজ্যলৈয়ো যায় লম্পট ইক্ৰাম আহমেদ।
Leave A Comment