• পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

    আঞ্চলিক
    পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি : দাৰ ঘাপত আহত দুজন

    দেৰগাঁও : সোমবাৰে সন্ধিয়া প্ৰায় ৯ বজাত দেৰগাঁৱৰ সমীপৱৰ্তী খঙ্গীয়া ভকতীয়া অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এজন লোকৰ দাৰ ঘাপত আহত হয় এগৰাকী মহিলা আৰু এজন পুৰুষ। জানিব পৰা মতে দেৱজিত হাজৰিকা নামৰ লোকজনে এখন দাৰে আক্ৰমণ কৰে তেওঁৰেই পত্নী ৰশ্মিৰেখা হাজৰিকাক।





    আৰু পঢ়িব পাৰিব : দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুই যুৱকক আক্ৰমণ উন্মত্ত জনতাৰ !





    সেই ঘটনাত বাধা দিবলৈ যোৱা প্ৰদীপ বৰা নামৰ লোকজনকো আক্ৰমণ কৰে দেৱজিত হাজৰিকাই। তাৰ পাছতে দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা দুয়োগৰাকীকে ততাতৈয়াকৈ স্থানীয় লোকে দেৰগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে।





    আৰু পঢ়িব পাৰিব : অসমৰ চাৰিখন ছবিলৈ স্বীকৃতিৰে ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা





    জানিব পৰা মতে পূৰ্বৰে পৰা পতি-পত্নীৰ মাজত পাৰিবাৰিক কন্দলৰ সৃষ্টি হৈ আহিছিল। বহুবাৰ দেৱজিত হাজৰিকাই শাৰীৰিকভাৱে প্ৰহাৰো কৰিছিল পত্নীক। যাৰ ফলত এবাৰ গোচৰো ৰুজু কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। সোমবাৰে কি কাৰণত এই পৰিস্থিতিৰ সৃষ্টি হ’ল, সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷


    sv388sv388sabung ayam onlinesv388agen sabung ayamsitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamlive casinosv388slot server thailandslotlive casino onlineagen sabung ayamlive casino Onlinescatter hitamhongkong poolslive casino onlinesabung ayam onlinelive casino onlinesabung ayam online