• পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ ভাৰাঘৰত পিতৃ-মাতৃ! অৱশেষত ত্যাজ্যপুত্ৰ ঘোষণা

    আঞ্চলিক
    পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ ভাৰাঘৰত পিতৃ-মাতৃ! অৱশেষত ত্যাজ্যপুত্ৰ ঘোষণা

    ডিজিটেল ডেস্কঃ নিজে দেশৰ সুৰক্ষাৰ নামত ওৰেটো জীৱন সেৱা আগবঢ়াই অৱসৰৰ পাছত নিজ ঘৰৰ পৰা আঁতৰি সাতমাহে ভাৰাঘৰত থাকিবলৈ বাধ্য হৈছে এজন প্ৰাক্তন সেনা জোৱান। পুৰণিগুদাম ম’হপৰা গাঁৱৰ মুকুতা ৰাম বৰা নামৰ প্ৰাক্তন সেনা জোৱানজনে নিজ সৰু পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ পত্নীসহ আজি সাতমাহে এটি ভাৰাঘৰত বাস কৰিব লগা হোৱাৰ কৰুণ কাহিনী পোহৰলৈ আহিছে।





    পিতৃৰ অভিযোগ অনুসৰি, দীৰ্ঘদিনে কনিষ্ঠ পুত্ৰ ডিম্বেশ্বৰ বৰাই নিচাজাতীয় দ্ৰব্য সেৱন কৰি পিতৃ-মাতৃৰ ওপৰতে মানসিকভাৱে চলাই আহিছিল অত্যাচাৰ। আমালৈ অহা খবৰ অনুসৰি, সেই সময়ত পিতৃ মুকুতা ৰাম বৰা প্ৰশাসনৰ কাষ চাপিছিল যদিও কোনোধৰণৰ সঁহাৰি লাভ কৰা নাছিল!





    ফলত উপায়ন্তৰ হৈ প্ৰায় সাতমাহৰ আগতে নিজ বাসগৃহৰ পৰা পলায়ন কৰি এটি ভাৰাঘৰত বাস কৰিবলৈ বাধ্য হৈছিল পিতৃ-মাতৃ। শেষ পৰ্যন্ত নিজ পুত্ৰৰ কোনোধৰণৰ সহানুভূতিশীল আচৰণ নেদেখি অৱশেষত নিজৰ সৰু পুত্ৰক ত্যাজ্যপুত্ৰ ঘোষণা কৰে পিতৃ-মাতৃয়ে।