• পুত্ৰৰ সফলতাত গৌৰাম্বিত পিতৃ! গৰু বিক্ৰী কৰি কিনি দিছিল গ'লকিপাৰ কিট

    আঞ্চলিক
    পুত্ৰৰ সফলতাত গৌৰাম্বিত পিতৃ! গৰু বিক্ৰী কৰি কিনি দিছিল গ'লকিপাৰ কিট

    নতুন দিল্লী: এৰ্নাকুলাম জিলাৰ এৰুমেলিৰ এজন কৃষকৰ আজি সুখে উপচি পৰিছে৷ পি ভি ৰবীন্দ্ৰন নামৰ কৃষকজনে কৰা ত্যাগ-কষ্টৰ সু-বিনিময় লাভ কৰিছে পুত্ৰৰ পৰা৷ এসময়ত হালৰ গৰু বিক্ৰী কৰি পুত্ৰক খেলৰ সামগ্ৰী কিনি দিয়া পিতৃয়ে আজি পুত্ৰৰ সফলতাত আজি গৌৰাম্বিত৷





    ভাৰতীয় হকী দলৰ গ'লৰক্ষক আৰু প্ৰাক্তন অধিনায়ক শ্ৰীজেশ পি আৰৰ পিতৃ হৈছে এইগৰাকী কৃষক৷ দেওবাৰে ভাৰতীয় দলটোক ট'কিঅ' অলিম্পিকৰ ছেমিফাইনেলত গ্ৰেট ব্ৰিটেইনক ৩-১ গ'লত পৰাস্ত কৰাত শ্ৰীজেশে লয় অতি গুৰুত্বপূৰ্ণ ভূমিকা। পুত্ৰৰ এই সফলতাত কয় যে 'মোৰ পুত্ৰক লৈ মই যথেষ্ট গৌৰাম্বিত’৷





    সৰুৰে পৰা তেওঁৰ পুত্ৰ এথলেটিকছৰ প্ৰতি সদায় আগ্ৰহী আছিল৷ অৱশ্যে আৰ্থিক দৈন্যতাই বাধা আৰোপ কৰিছিল খেলুৱৈগৰাকীৰ জীৱনত৷ অষ্টম শ্ৰেণীত পঢ়ি থাকোতে হকী খেল শ্ৰীজেশৰ জীৱনলৈ আহিছিল৷





    কিন্তু সেই সময়ত এজন খেতিয়ক পুত্ৰ হোৱা বাবে প্ৰয়োজনীয় বহু সামগ্ৰী ক্ৰয় কৰাত যথেষ্ট প্ৰত্যাহ্বান আহি পৰিছিল৷ গ'লকিপাৰ কিট ক্ৰয়ৰ বাবে প্ৰয়োজনীয় ১০,০০০ টকাৰ বাবে বিক্ৰী কৰিছিল গৰুহালো৷