• পুনৰ অসমত অমিত শ্বাহঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ!

    আঞ্চলিক
    পুনৰ অসমত অমিত শ্বাহঃ ৬ জনগোষ্ঠীক জনজাতিকৰণ!

    গুৱাহাটী: অসমত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যলৈ সঘনাই কেন্দ্ৰীয় নেতাৰ আগমন ঘটিছে। আজি মুঠ ৪খন নিৰ্বাচনী সভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। দিনটোৰ প্ৰথমেই কমলপুৰ সমষ্টিৰ সোণেশ্বৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে শ্বাহে। কেন্দ্ৰীয় নেতাগৰাকীয়ে ভাষণ আৰম্ভ কৰিয়ে ‘পুনৰ আকৌ অসমত মিত্ৰজোঁটৰ চৰকাৰ হ’ব’- বুলি মন্তব্য আগবঢ়োৱাৰ লগতে কমলেশ্বৰী, কামাখ্যা, শংকৰদেৱ-মাধৱদেৱ আৰু লাচিত বৰফুকনক স্মৰণ কৰে।





    আৰু পঢ়িব পাৰিব : অনুপ্ৰেৰণা ছাদ্দাম হুছেইন : দিল্লীৰ বাসিন্দাৰ ভয়ংকৰ কাণ্ড






    লাচিতে মোগলক খেদাৰ দৰে আজমলক অসমবাসীয়ে খেদিব লাগিব লাগিব বুলিও আজমলক সমালোচনা কৰে। ভাষণ প্ৰসংগত অসমৰ প্ৰয়াত প্ৰাক্তন মখ্যমন্ত্ৰী তৰুণ গগৈৰ বিষয়েও টানি আনি কয় যে, ‘হু ইজ বদৰুদ্দিন? বুলি গগৈয়ে কৈছিল, কিন্তু ৰাহুল গান্ধীয়ে পাহৰিলে বদৰুদ্দিনৰ আচল ৰূপ?’ শ্বাহৰ মতে আজমলৰ চৰকাৰ হ’লে অনুপ্ৰৱেশৰ ধাৰা হেনো চলি থাকিব।





    আৰু পঢ়িব পাৰিব : চিকিৎসালয়ত শৌচালয়ত বিহাৰৰ লোকৰ মৃতদেহ উদ্ধাৰ





    ইফালে ৰাহুল গান্ধীক অসমলৈ অহাৰ ক্ষেত্ৰত ‘পৰ্যটক’ আখ্যা দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে। ইফালে গোপীনাথ বৰদলৈক বিজেপি চৰকাৰে সন্মান দিয়াৰ কথাও ভাষণ প্ৰসংগতে উল্লেখ কৰে নেতাগৰাকীয়ে। ৫বছৰ আগতে প্ৰতিশ্ৰুতি দিয়াৰ দৰে অসমত আন্দোলন বন্ধ হৈছে বুলিও দাবী কৰে তেওঁ। বিজেপিয়ে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছে বুলিও মন্তব্য আগবঢ়াইছে।





    আৰু পঢ়িব পাৰিব : অসহিষ্ণুতা! ‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনি দিবলৈ যুৱকক নিৰ্যাতন






    আনহাতে ভাষণৰ মাজতে অসমক বানমুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে নেতাগৰাকীয়ে। ব্ৰহ্মপুত্ৰৰ পানী ডাঙৰ হ্ৰদত পেলাই অসমক বানমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ। ইতিমধ্যে উপগ্ৰহৰ যোগেদি পৰ্যবেক্ষণ কৰা হৈছে বুলিও ব্যক্ত কৰে।
    অসমত কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ লগতে হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনায় কেন্দ্ৰীয় নেতাগৰাকীয়ে। অৱশেষত ভাষণ প্ৰসংগত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলিও উল্লেখ কৰে।