• পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী

    আঞ্চলিক
    পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী, অমিত শ্বাহ,স্মৃতি ইৰাণী

    গুৱাহাটী : ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ সঘনাই আগমন হ'বলৈ ধৰিছে৷ তথ্য অনুসৰি, ১ এপ্ৰিলত কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ বাৰ অসমলৈ যাত্ৰা মোদীৰ৷





    আৰু পঢ়িব পাৰিব : বিভ্ৰান্তিকৰ বিজ্ঞাপন : বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষত কংগ্ৰেছ





    আনহাতে ৩১ মাৰ্চত নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব অমিত শ্বাহ৷ তাৰউপৰিও মঙলবাৰে ৰাজ্যলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী৷ তিনিখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তেওঁ৷ নলবাৰী, গৌৰীপুৰ, ধুবুৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব স্মৃতিয়ে৷





    আৰু পঢ়িব পাৰিব : পুনৰ মাধমাৰ! বৃদ্ধি পালে টোলগেটৰ কৰৰ নিৰিখ





    প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক দল৷ আৰু সেয়ে সঘনাই আগমন হ'বলৈ ধৰিছে ষ্টাৰ কেম্পেইনাৰৰ৷