• পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী, ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

    আঞ্চলিক
    পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী, ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

    গুৱাহাটীঃ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমলৈ কেন্দ্ৰীয় নেতা-মন্ত্ৰীৰ আগমন ঘটাৰ সময়তে আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি মাজনিশা গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। অৱশ্যে বিজেপিৰ শীৰ্ষ নেতাৰ ভাষ্য মতে কাৰ্যসূচী সময়সূচীৰ সৈতে মিলাই কাইলৈ পুৱাহে অসমত উপস্থিত হ’ব পাৰে অমিত শ্বাহ।





    আৰু পঢ়িব পাৰিব : নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠক : চূড়ান্ত হ’ব পাৰে বিধানসভা নিৰ্বাচনৰ দিন !





    বৃহস্পতিবাৰে নগাঁৱৰ ভেৰভেৰীত ‘মহামৃত্যুঞ্জয় মন্দিৰ’ত প্ৰথমে পূজা-অৰ্চনা কৰিব শ্বাহে। তাৰ পাছতে বৰদোৱাত হ’বলগীয়া জনসভাত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে। বটদ্ৰৱাত ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে প্ৰকল্পস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ লগত উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়িকা আঙুৰলতা ডেকা আৰু বিধায়ক ৰূপক শৰ্মা।





    আৰু পঢ়িব পাৰিব : ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা লাভ কৰিলে গুৰুত্বপূৰ্ণ নথি-পত্ৰ…






    আনহাতে বৃহস্পতিবাৰৰ বিয়লি ডিফুত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। মূলসুঁতিলৈ উভতি অহা বিদ্ৰোহী সংগঠনৰে শান্তিচুক্তি সম্পন্ন কৰিব অমিত শ্বাহে। উল্লেখ্য যে, শেহতীয়াকৈ সন্ত্ৰাসৰ ৰক্তাক্ত ইতিহাসৰ অন্ত পেলাই মূলসুঁতিলৈ উভতি আহিছে এনডিএফবিৰ সংবিজিত গোটকে ধৰি একাংশ সন্ত্ৰাসবাদী সংগঠনৰ সহস্ৰাধিক সদস্য।
    অস্ত্ৰ সম্বৰণৰ পাছত সংবিজিতে মন্তব্য কৰিছে, ‘ৰাইজৰ বাবেই এই সিদ্ধান্ত ল’লোঁ। মই দুৰ্ধৰ্ষ নহয়, মোক দুৰ্ধৰ্ষ যেন লাগে নেকি? গৃহমন্ত্ৰী আহিলে হ’ব যুদ্ধবিৰতি চুক্তি। ভাৰত চৰকাৰে সঁহাৰি দিব বুলি আশা কৰিছোঁ।’