Entertainment
Virat recalled how much fun he had as a child playing with trump cards, and how it was one of his favourite games to play with his pals.
ডিব্ৰুগড় : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ এটি শিশুৰ মৃত্যু হয় ক'ভিডত। ডেৰ বছৰীয়া শিশুৰ ক'ভিডত মৃত্যু হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জিলাখনৰ চাবুৱাৰ জেৰাই গাঁৱৰ শিশু টিৰ এএমচিএইচত চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে নিশা মৃত্যু হয়।
জানিব পৰা মতে শিশুটি ১১ আগষ্টত অসম মেডিকেলত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল। ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডৰ দ্বিতীয় ঢৌত মৃত্যু হৈছে মুঠ ৬টি শিশুৰ।
চলিত বৰ্ষত জানুৱাৰী মাহৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত ক'ভিডত ১৪০জন ভৰ্ত্তি হৈছিল। তাৰে ৬টি শিশু ইতিমধ্যে মৃত্যু হৈছে অসম চিকিৎসা মহাবিদ্যালয়ত।
Leave A Comment