• পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক টেট-২০১৯ৰ উত্তীৰ্ণ

    আঞ্চলিক
    পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক টেট-২০১৯ৰ উত্তীৰ্ণ

    গুৱাহাটী : পুনৰ প্ৰতিবাদত বহিল সদৌ অসম প্ৰাথমিক টেট-২০১৯ৰ উত্তীৰ্ণ প্ৰাৰ্থীসকল। নায্য প্ৰাপ্তিৰ দাবীত চচলৰ ধৰ্ণাস্থলীত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত বহিল ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শ শ নিযুক্তিৰ পৰা বঞ্চিত প্ৰাৰ্থী। বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী৷ ২০১৯ত টেট উত্তীৰ্ণ হৈয়ো বৰ্তমানলৈ নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে ৰাজ্যৰ হাজাৰ হাজাৰ উত্তীৰ্ণ প্ৰাৰ্থী।





    আৰু পঢ়িব পাৰিব :আইপিএলত জুনিয়ৰ তেণ্ডুলকাৰ, নিলামত ক্ৰয় কৰিলে মুম্বায়ে





    চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো বিষয়টোত কোনো গুৰুত্ব দিয়া নাই চৰকাৰে। অভিযোগ অনুসৰি মাধ্যমিক খণ্ডৰ DEE চূড়ান্ত মেধাৰ তালিকাত বাছনি হোৱা ২৫০০ ৰো অধিক প্ৰাৰ্থী প্ৰাথমিক নিয়মীয়া খণ্ড DEE মেধাৰ তালিকাত বাছনি হৈছে। ইপিনে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ প্ৰাৰ্থীসকলৰ।





    আৰু পঢ়িব পাৰিব :ভিছাৰ নিয়ম উলংঘা, ঘূৰাই পঠিয়ালে বাংলাদেশী ধৰ্ম প্ৰচাৰকক





    শিক্ষা খণ্ডত ৫ ফেব্ৰুৱাৰীত চৰকাৰে যি বৃহৎ নিযুক্তি দিয়া বুলি ঘোষণা কৰিছে সেয়া প্ৰকৃততে বৃহৎ নিযুক্তি হ'ব নোৱাৰে বুলি দাবী কৰে বঞ্চিত প্ৰাৰ্থীসকলে। বঞ্চিত প্ৰাৰ্থীসকলক State Pool, SSA অথবা যিকোনো আঁচনিৰ অধীনত হ'লেও নিযুক্তিৰ দাবী জনায় চৰকাৰলৈ। বঞ্চিত প্ৰাৰ্থীসকলক নিযুক্তিৰ ব্যৱস্থা নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব চৰকাৰক সকীয়াই দিয়ে বঞ্চিত প্ৰাৰ্থীসকলে।