• পুনৰ সৰুসজাইত হ’ব এটা ক’ভিড পৰীক্ষা কেন্দ্ৰ !

    আঞ্চলিক
    পুনৰ সৰুসজাইত হ’ব এটা ক’ভিড পৰীক্ষা কেন্দ্ৰ !

    গুৱাহাটী : গুৱাহাটী মহানগৰীত পুনৰ কৰ'না ভাইৰাছৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাক লৈ সতৰ্কতা জাৰি কৰিছে কামৰূপ মেট্ৰ'ৰ জিলা উপায়ুক্তই৷ বিগত কিছুদিনত সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱা হেতুকে এতিয়াৰ পৰা ১০,৫০০টা দৈনিক টেষ্ট কৰা হ'ব বুলি জানিবলৈ দিয়ে।





    আৰু পঢ়িব পাৰিব : গছত ওলমি থকা অৱস্থাত যুৱকৰ মৃতদেহ! অঞ্চলজুৰি চাঞ্চল্য





    ইয়াৰ লগতে তেওঁ কয়, "পজিটিভ হ’লে সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰা হ'ব। সোণাপুৰ, MMCH, কালাপাহাৰ হাস্পতাল সাজু হৈছে। লগতে হোম আইলেশ্যনত থকাসকলৰ ওচৰলৈ দৈনিক স্বাস্থ্যকৰ্মী যাব।





    মহানগৰীত ১৪৪ ধাৰাৰ কথা চিন্তা কৰা হৈছে বুলি মন্তব্য প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে৷ মাস্ক নিপিন্ধিলে জৰিমনা হ'ব ৫০০ টকালৈ। ষ্টেচন আৰু এয়াৰপোৰ্টত যাত্ৰীৰ টেষ্টিং চলি আছে। সৰুসজাইত পুনৰ এটা টেষ্টিং চেণ্টাৰ হোৱাৰ কথাও উল্লেখ কৰে৷





    আৰু পঢ়িব পাৰিব : বঙাইগাঁৱত গাঁজাসহ সৰবৰাহৰকাৰী আটক





    ইপিনে বিহুৰ গাইডলাইন সকলোৱে মানিব লাগিব। অভিভাৱকসকলেও কণ কণ শিক্ষাৰ্থীক সুৰক্ষা দিব লাগিব৷ কাইলৈ বা পৰহিৰ পৰা চিটী বাছৰ ড্ৰাইভাৰ, হেণ্ডিমেনক ভেকচিন দিয়া হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে।