• পুনৰ ৬ ৰাজপত্ৰিত বিষয়াক তলব তদন্ত আয়োগৰ

    আঞ্চলিক
    পুনৰ ৬ ৰাজপত্ৰিত বিষয়াক তলব তদন্ত আয়োগৰ

    গুৱাহাটীঃ এপিএছচিৰ তদন্ত আয়োগে দ্বিতীয় পৰ্যায়ত ৬ ৰাজপত্ৰিত বিষয়াক তলব কৰিছে৷ সেইকেইজন হ’ল ক্ৰমে বিশেষ শাখাৰ ডিএছপি অসীমা কলিতা, ৪ৰ্থ এপিবিএনৰ ডিএছপি অমিত ৰাজ চৌধুৰী, এপিএছ ঋতুৰাজ দলে, সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাস, ডিএছপি প্ৰিয়ংকা ডেকা আৰু চিআইডিৰ ডিএছপি সুকন্যা দাস।





    ২৫ আগষ্টৰ ভিতৰত তদন্ত আয়োগত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে আটাইকেইগৰাকী ৰাজপত্ৰিত বিষয়াক৷ ইয়াৰে ৰাকেশ দাস ইতিমধ্যে হাজিৰ হৈছে আয়োগত৷ সোমবাৰে হাজিৰ হৈ জবানবন্দী লিপিবদ্ধ কৰিছে ৰাকেশ দাসৰ৷ ইয়াৰ বিপৰীতে চিআইডিৰ ডিএছপি সুকন্যা দাসক প্ৰথম পৰ্যায়তে তলব কৰিছিল আয়োগে৷ সেই সময়ত এবাৰ হাজিৰ হৈ নিজৰ জবানবন্দী লিপিবদ্ধও কৰিছিল সুকন্যা দাসে৷





    কিন্তু দ্বিতীয় পৰ্যায়ত পুনৰবাৰ আয়োগে তলব কৰিছে সুকন্যা দাসক৷ ইয়াৰ কাৰণ হ’ল সুকন্যা দাসৰ অপশ্যনেল বিষয় এটাৰ দুখনকৈ উত্তৰবহী লাভ কৰিছে তদন্ত আয়োগে৷ যাৰ বাবে পুনৰ এবাৰ তদন্ত আয়োগে তলব কৰিছে সুকন্যা দাসক৷ এজন প্ৰাৰ্থীৰ এটা বিষয়ৰ দুখনকৈ উত্তৰবহী পোৱাটোৱে পুনৰবাৰ উদঙাইছে ‘লোকসেৱা আয়োগ’ত সংঘটিত হোৱা কেলেংকাৰিৰ ভয়াৱহ তথ্য!