comScore
  • পুনৰ মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ হত্যাৰ চেষ্টা ব্যৱসায়ীক

    আঞ্চলিক
    পুনৰ  মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ হত্যাৰ চেষ্টা ব্যৱসায়ীক

    গুৱাহাটীঃ দেওবাৰে নিশা মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। কোনো দুৰ্বৃত্তই মহানগৰীৰ বিজি য়ার্ডৰ ব্যৱসায়ীক ধনদাবী আৰু অপহৰণ চেষ্টা চলায়। ভুক্তভোগী ব্যৱসায়ীজন মঠঘৰীয়াৰ দীপক দাস বুলি আমাৰ হাতলৈ খবৰ আহিছে। গণেশ ৰাজবংশী আৰু ইছলাম আলী নামৰ দুজন ব্যক্তিয়ে ব্যৱসায়ীজনক ধনদাবী আৰু অপহৰণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।





    ব্যৱসায়ী দীপক দাসে কৰা অভিযোগ অনুসৰি নিজ কাৰ্যালয়ত দেওবাৰে নিশা ভাত খাই থকা অৱস্থাতে ইছলাম আলী আৰু গণেশ ৰাজবংশী নামৰ দুজন লোকৰ নেতৃত্বত অহা এটা দুৰ্বৃত্তৰ দলে ধনদাবী, মাৰপিট কৰি অপহৰণৰ চেষ্টা কৰে ব্যৱসায়ী দীপক দাসক। স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰে ব্যৱসায়ীজন। নুনমাটি আৰক্ষী থানাত ধনদাবী আৰু অপহৰণৰ গোচৰ দাখিল কৰিছে ভুক্তভোগী ব্যৱসায়ীজনে।





    নুনমাটি আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। দীৰ্ঘদিন ধৰি ইছলাম আলীৰ নেতৃত্বত একাংশই বিজি য়ার্ডত ছিণ্ডিকেট চলাই অহাৰ অভিযোগো উত্থাপন হৈছে। ইছলাম বাহিনীৰ বিৰুদ্ধে বিভিন্ন থানাত ৰুজু হৈ আছে অপৰাধজনিত ঘটনাৰ গোচৰ।


    indojawa88slot thailandsabung ayam onlinesv388Link Agen Sabung Ayam Onlinesv388sabung ayam onlineagen judi bola onlinemahjong wayssitus sv388sabung ayam onlinesabung ayam onlinesabung ayam onlinesv388sv388agen sabung ayamagen sabung ayam