Sports
Former India cricketer Salim Durani passed away on Sunday at the age of 88. The Kabul-born cricketer was known for his slow, left-arm orthodox style and hitting ability as a batsman...
ধমধমা : বাতৰি কাকতৰ হকাৰ হিচাপে জীৱিকা নিৰ্বাহ কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ধমধমাৰ এগৰাকী কঠোৰ সংগ্ৰামী তথা অধ্যাৱসায়ী যুৱক নুৰ মহম্মদ আলীয়ে। ২০১১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আৰবী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়তে গৱেষণা আৰম্ভ কৰিছিল নুৰ মহম্মদ আলীয়ে। চেঙা কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চান্দ মহম্মদ আলীৰ তত্ত্বাৱধানত 'এ ষ্টাডী অন দ্যা লাইফ এণ্ড ৱৰ্কছ অব ইবন খালদুন উইথ স্পেচিয়েল ৰেফাৰেন্স টু আল-মুকাদ্দিনʼ শীৰ্ষক বিষয়ত গৱেষণা কৰি নুৰ মহম্মদ আলীয়ে পহিলা জানুৱাৰীৰ দিনা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনভোজৰ উছাহ
অতি দুখীয়া পৰিয়ালৰ ছাত্ৰ নুৰ মহম্মদ আলীয়ে সৰুৰেপৰাই অতি কষ্টৰ মাজেৰে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল। তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃক হেৰুওৱা নুৰ মহম্মদে হোটেলত কাম কৰি আৰু মাছৰ ব্যৱসায় কৰি পৰিয়ালৰ খৰচ বহন কৰাৰ লগতে নিজৰ পঢ়াৰ খৰচ উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পাছত কেৰাচিন তেল বিক্ৰী কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ ৰঙিয়া মহাবিদ্যালয়ত আৰবী বিষয়ত অনাৰ্চ লৈ পঢ়িবলৈ লয়। সেই সময়ত নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ তেওঁ ভূটানৰপৰা চাইকেলেৰে পেট্ৰ'ল কঢ়িয়াই আনি ৰঙিয়াত বিক্ৰী কৰিবলগীয়া হৈছিল। জীৱনৰ ঘাত- প্ৰতিঘাত নেওচি উচ্চশিক্ষা গ্ৰহণ কৰিও স্বাৱলম্বনৰ বাবে তেওঁ বিচাৰি লৈছে এটি ক্ষুদ্ৰ বৃত্তি। সফলতাৰ পূৰ্ণ প্ৰাপ্তি বিচাৰি এফালে বিশ্ববিদ্যালয়ত গৱেষণা কাৰ্যত ব্ৰতী হৈ আনফালে বাতৰি কাকত বিক্ৰী কৰি চলাইছে পৰিয়াল।
আৰু পঢ়িব পাৰিব : নৱবৰ্ষৰ প্ৰথম দিনতে অসম আৰক্ষীত ব্যাপক সালসলনি
কাহিলী পুৱাতে শোৱাপাটী এৰি পোন্ধৰ কিলʼমিটাৰ দূৰৰপৰা বাতৰি কাকত আনি গাঁৱৰ ঘৰে ঘৰে বিতৰণ কৰি পৰিয়াল পোহপাল দিয়া নুৰ মহম্মদ আলীৰ এই কৃতিত্বত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। যথেষ্ট সংগ্ৰামৰ মাজেৰে অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰি সন্তুষ্টি প্ৰকাশ কৰিছে নুৰ মহম্মদ আলীয়েও। একাগ্ৰতা, নিষ্ঠা, সততা আৰু কষ্টসহিষ্ণুতা থাকিলে জীৱনত যে সফলতা লাভ কৰিব পাৰি তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰা নুৰ মহম্মদ আলীৰ এই কৃতিত্বত ধমধমা প্ৰেছ ক্লাব , প্ৰেৰণা সাহিত্য সমাজ , ধমধমা আঞ্চলিক ছাত্ৰ সন্থা , ধমধমা আঞ্চলিক শাখা সাহিত্য সভা আদিকে ধৰি কেইবাটাও অনুষ্ঠানে শুভেচ্ছা জ্ঞাপন কৰিছে। উল্লেখ্য যে, ২০১৪ চনতেই টেট উত্তীৰ্ণ হোৱা নুৰ মহম্মদে পোৱা নাই শিক্ষকৰ চাকৰি ।
Leave A Comment