Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
ডিব্ৰুগড়ঃ পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বাওপন্থী সংগঠনসমূহৰ যৌথ উদ্যোগত ডিব্ৰুগড়ত ‘ভাৰত বচাওঁ’ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ব্ৰিটিছৰ বিৰুদ্ধে চলোৱা ঐতিহাসিক ভাৰতত্যাগ আন্দোলনৰ অংশ হিচাপে দেশজুৰি চিটু, নিখিল ভাৰত কৃষক সভা, সংযোগ কিষাণ মৰ্চাৰ প্ৰতিবাদ!
ডিব্ৰুগড় চহৰৰ চৌকিডিং চাৰিআলিত ১১ দফীয়া দাবীক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ। পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি ক'ভিড পৰিস্থিতিত আয়হীন হৈ পৰা প্ৰতিটো পৰিয়ালক মাহিলী ৭,৫০০ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা, ক'ভিড ভেকচিন বিনামূলীয়া কৰা, শ্ৰম আইনৰ শ্ৰমিক বিৰোধী নীতি প্ৰত্যাহাৰ কৰা, কৃষক বিৰোধী আইন বাতিল কৰা, এনৰেগাত বছৰি ২০০ দিনৰ কাম প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।
ডেম'ক্ৰেটিক য়ুথ ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰণৱ শইকীয়া, চিটুৰ জিলা উপ-সভাপতি প্ৰকাশ ৰাজখোৱা, কৃষক সভাৰ জিলা সভাপতি পবিত্ৰ গোহাঁই, ফাৰ্টিলাইজাৰ ৱৰ্কাছ ইউনিয়নৰ সাধাৰণ সম্পাদক মুগ্ধ মহন্তৰ নেতৃত্বত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Leave A Comment