• পেলনীয়া পলিথিনৰ সদব্যৱহাৰ এগৰাকী বৃদ্ধাৰ, প্ৰস্তুত সৌন্দৰ্যবৰ্ধক সামগ্ৰী

    আঞ্চলিক
    পেলনীয়া পলিথিনৰ সদব্যৱহাৰ এগৰাকী বৃদ্ধাৰ, প্ৰস্তুত সৌন্দৰ্যবৰ্ধক সামগ্ৰী

    ডিজিটেল ডেস্কঃ যিসময়ত পেলনীয়া পলিথিনৰ মোনাই পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে, তেনেসময়তে ৮০ৰ ঊৰ্ধ্বৰ এগৰাকী বৃদ্ধাই ইয়াৰ সদব্যৱহাৰ কৰি দেখুৱাইছে আদৰ্শ। আমালৈ অহা খবৰ অনুসৰি, মৰিয়নিৰ নতুন মাটী গাঁৱৰ চেনেহী গগৈ নামৰ এগৰাকী বৃদ্ধাই বজাৰৰ পৰা ঘৰলৈ অনা পলিথিনৰ বেগসমূহ সংগ্ৰহ কৰি ইয়াৰ দ্বাৰা সুন্দৰ সামগ্ৰী প্ৰস্তুত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।





    টেবুল ক্লথ আৰু ফুট-মেট ৰূপে ব্যৱহাৰ কৰিব পৰা এই সামগ্ৰীবিধ বৃদ্ধাগৰাকীয়ে বিগত চাৰি পাঁচ-বছৰ ধৰি নিৰ্মাণ কৰি আহিছে। আনহাতে, বৃদ্ধাগৰাকীয়ে ইয়াৰ একোখনৰ মূল্য সৰু-ডাঙৰ অনুসৰি ২০০ টকাৰ পৰা ৫০০ টকা মূল্য লাভ কৰা লগতে সামগ্ৰীসমূহ অঞ্চলটোৰ স্থানীয় গ্ৰাহকৰ উপৰি কাষৰীয়া নগালেণ্ডৰ নগা লোকসকলেও ঘৰৰ পৰা ক্ৰয় কৰি নিয়ে বুলি জানিবলৈ দিয়ে।





    বৃদ্ধাগৰাকীয়ে নিশা টোপনি নাহিলে লাইটৰ পোহৰত এই কামত ব্যস্ত থকা বুলি প্ৰকাশ কৰিছে। আনহাতে বৃদ্ধ বয়সতো ঘৰৰ সকলো কাম-বন কৰি অহা বৃদ্ধাগৰাকীয়ে এনেদৰে নিজক কামত ব্যস্ত ৰাখি মন ভাল লাগে বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায়। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ৮০ৰ ঊৰ্ধ্বৰ বৃদ্ধাগৰাকীয়ে নীৰৱে কৰি অহা এই কাৰ্য নিশ্চিকৈ আজিৰ সমাজ জীৱনত এক আদৰ্শ বুলি উল্লেখ কৰিব পাৰি।